
নগাঁও/ইটাখোলা/দলংঘাট/অভয়াপুৰীঃ অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়৷ মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাত উলাহ-মালহেৰে উদযাপন কৰা হয়৷
জিলাখনৰ গ্ৰামাঞ্চলৰ আকাশ-বতাহ জাউৰিয়ে জাউৰিয়ে পৰিবেশিত হৰিনামৰ অমিয়া সুৰৰ লগতে ঘোষা, পুথিপাঠ তথা খোল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়৷
পুৱাৰে পৰা গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো নামঘৰতে ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোয়ে উচ্চ-নীচ ভেদাভেদ পাহৰি ধূতি, চাদৰ, মেখেলা আদি পৰিধান কৰি আৰু ডিঙিত ফুলাম গামোচা লৈ পৰম্পৰাগতভাৱে ঘোষা, পুথিপাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগৰ অন্তত বিয়লি মাহ-প্ৰসাদ আৰু ভোগ বিতৰণেৰে মহাপুৰুষজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদি তিথিভাগ ৰাজহুৱাভাবে উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰে৷
যাৰ ফলত গ্ৰামাঞ্চলৰ নামঘৰে নামঘৰে ধূপ-ধূনা, ফল-মূলৰ আমোল-মোলোৱা সুৱাস তথা চাকি-বন্তি, শৰাই, নৈবদ্য আদিৰে ভৰি পৰি নান্দনিক পৰিবেশৰ উদ্ভৱ ঘটাই শিশু-মহিলা-আৱাল-বৃদ্ধ-বণিতা সকলোৰে মন পুলকিত কৰি তোলে৷
জিলাখনৰ ঠায়ে ঠায়ে একাংশ নামঘৰ, সত্ৰ, শিক্ষানুষ্ঠান, সংঘ বা আন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিত মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি নাম-কীৰ্তনৰ উপৰি ধৰ্মীয় শোভাযাত্ৰা, আলোচনাচক্ৰ, বক্তৃতানুষ্ঠান, অংকীয়া ভাওনা প্ৰদৰ্শন, সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠানকে ধৰি নানা সাংস্কৃতিক কাৰ্যসূচী নগঞা ধৰ্মপ্ৰাণ ৰাইজে ৰূপায়ণ কৰে৷ তদুপৰি সন্ধিয়া গঞাৰাইজে গ্ৰামাঞ্চলবোৰৰ প্ৰতিঘৰ গৃহস্থিৰে পদূলিত বন্তি প্ৰজ্বলনেৰে মহাপুৰুষজনাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰে৷
NNO অভয়াপুৰীঃ সমাজ সংগঠক, কবি, চিত্রকৰ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি গঠনৰ লগতে সাহিত্য-সংস্কৃতি নিৰ্মাতা মহাপুৰুষ জনাই নৱবৈঞ্চব ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংহতিৰ ডোলেৰে বান্ধি ৰাখিছিল। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৪৮তম তিৰোভাব তিথি। উদুলি- মুদুলি হৈ পৰিছে সমগ্র ৰাজ্যৰ নামঘৰ-সত্ৰ সমুহ। আজিৰ দিনটোত উজনি-নামনিত ভক্তি ৰসত বিভোৰ হৈ পৰা দেখা গৈছে ভক্ত প্ৰাণ ৰাইজক।
সমগ্র ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ বিষ্ণুপুৰস্থিত মহাপুৰুষ জনাৰ নাতি চতুৰ্ভজদেৱে প্ৰতিষ্ঠা কৰা বিবিষ্ণুপুৰ সত্ৰত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাব তিথি।
পুৱাৰে পৰা নাম প্ৰসংগৰে আদি কৰি ভক্তৰ লানি নিছিগা সমাগমে ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে বিষ্ণুপুৰসত্ৰ। অসম চৰকাৰৰ ২৫ লাখ টকা বিত্তীয় সাহাৰ্যৰে নিৰ্মান হবলগীয়া সত্ৰ খনৰ সত্ৰ তোৰন আৰু সংগ্ৰাহলয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস।
কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ লগত হোৱা কথা-বতৰাত বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে বিঞ্চুপুৰ সত্ৰৰ ৮ হাত বহল কাঠেৰে নিৰ্মিত মণিকূট সমগ্র ৰাজ্যতে বিৰল বুলি কয়।
অসমৰ ৰাইজে কেতিয়া বৃন্দাবনী বস্ত্র প্ৰত্যক্ষ কৰিবলৈ সক্ষম হব বুলি সাংবাদিকে সোধাত অধ্যক্ষ গৰাকীয়ে ইতিমধ্যে অসম চৰকাৰে বৃন্দাবনী বস্ত্রৰ বাবে ২ কোটি টকা ফৰাচী চৰকাৰক জমা দিছে আৰু অতি সোনকালেই ফৰাচী চৰকাৰে অনুমোদন জনোৱাৰ ১৫ দিনৰ ভিতৰত পেৰিছৰ বিখ্যাত গৌৰ মেট মিউজিয়ামৰ আৰ্হিত নিৰ্মাণ হবলগীয়া সংগ্ৰাহলয়ত অসমৰ ৰাইজে বৃন্দাবনী বস্ত্র প্ৰত্যক্ষ কৰিবলৈ সক্ষম হব বুলি মন্তব্য দাঙি ধৰে দাসে।
NNO ইটাখোলাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৪৮সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে জামুগুৰিহাটৰ কোচগাঁৱৰ কালীয় দমন ভাওনা ক্ষেত্ৰত পালন কৰা হয়। তিৰোভাৱ তিথি উপলক্ষে অাজি পুৱাৰে পৰা খোল প্ৰসংগ, তাল প্ৰসংগৰ লগতে ভকত বৈষ্ণৱ সকলৰ নামৰ ধ্বনিৰে অাকাশ বতাহ মুখৰিত হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ ভকত বৈষ্ণৱৰ লগতে দৰ্শনাৰ্থীৰ অাগমনে দ্বিতীয় বৈকুন্ঠ পুৰীত পৰিণত হয় কালীয় দমন ভাওনা ক্ষেত্ৰ।
NNO দলংঘাটঃ দৰং জিলাৰ বিভিন্ন ঠাইৰ লগতে দেওমৰনৈৰ শংকৰদেৱ শিশু নিকেতন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। পূৱা ৯ বজাত বন্দনাৰে দিনটোৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। কমলা কুঁৱৰী হাইস্কুলৰ শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্ব শংকৰ দেৱৰ জীৱন দৰ্শন সম্পৰ্কে এখনি সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ৩য় অসম আৰক্ষী কৰ্মী বাহিনিৰ সহঃ অধিনায়ক হেমচন্দ্ৰ নাথ।