নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ সংস্কৃত শিক্ষাৰ বটবৃক্ষ স্বৰূপ হাতীচোং সঞ্জীৱনী সংস্কৃত টোলৰ বৰ্তমানৰ চৰম দুৰৱস্থাই সচেতন লোকসকলক চিন্তিত কৰি তুলিছে৷

১৯২০ চনতে স্থাপিত এই টোলখনত সম্প্ৰতি মোটা অংকৰ চৰকাৰী বেতনপ্ৰাপ্ত দুজন শিক্ষকৰ লগতে নতুনকৈ নিযুক্তি পোৱা এজন দ্বিতীয় অধ্যাপক কৰ্মৰত হৈ আছে যদিও টোলখনত তাৰ বিপৰীতে কিন্তু নাই এজনো নিয়মীয়া ছাত্ৰ-ছাত্ৰী৷

গতিকে নিয়মীয়া শিক্ষাৰ্থীৰ অবৰ্তমানত সংস্কৃত টোলখনত দীৰ্ঘদিন ধৰি কোনোধৰনৰ পাঠদান নোহোৱাকৈ চলি থকা বুলি জানিব পৰা গৈছে৷

ইফালে,২০১৪ চনতে টোলখনৰ প্ৰধান আচাৰ্য বকুল চন্দ্ৰ শৰ্মাই অৱসৰ গ্ৰহন কৰাৰ পিছৰে পৰা ইয়াৰ প্ৰধান আচাৰ্যৰ দায়িত্ব নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৰহস্যজনকভাৱে অৰ্পণ কৰিছে অংক বিষয়ৰ শিক্ষক ইন্দ্ৰ মোহন বৰাক৷

আনকি সকলোতকৈ আশ্চৰ্যজনক কথাটো হৈছে টোলখনৰ ইংৰাজী বিষয়ৰ শিক্ষক মন্টুল কুমাৰ শৰ্মাক টোলখনৰ পৰা আঁতৰাই নি সৰ্বশিক্ষাত সংযোজিত কৰি ৰখাটো৷ ফলস্বৰূপে শিক্ষকজনে বিগত প্ৰায় দুবছৰ কাল টোলখনত শিক্ষাদানৰ পৰা বিৰত থাকিবলগীয়াত পৰিছে৷

কাজেই,নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক গৰাকীৰ এনে হঠকাৰী কাৰ্যৰ বাবেও বৰ্তমান সংস্কৃত টোলখনত নিয়মীয়া ছাত্ৰ-ছাত্ৰী নথকাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে৷

শেহতীয়াভাৱে টোলখনৰ পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্যৰ বিশেষ তৎপৰতাত বিধায়ক এলেকা উন্নয়ন পুঁজিৰে নতুনকৈ এটি পাঠদান কক্ষ নিৰ্মাণ কৰি মৃতপ্ৰায় টোলখনক পুনৰুজ্জীৱিত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে যদিও সংশ্লিষ্ট বিভাগৰ চৰম অৱহেলা আৰু অমনোযোগিতা তথা শিক্ষকসকলৰ চূড়ান্ত দায়বদ্ধতাৰ অভাৱৰ বাবেই তেনে প্ৰয়াস কিমান দূৰ ফলৱৰ্তী হয় তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷

স্মৰ্তব্য যে, স্বনামধন্য পণ্ডিত মুক্তিযোদ্ধা কনক চন্দ্ৰ শৰ্মা, অসমৰ প্ৰসিদ্ধ সংস্কৃত পণ্ডিত গোবিন্দ চন্দ্ৰ ভাগৱতী আদি লোকসকলৰ স্মৃতি বিজড়িত তথা ১৯৬২ চনত ৰাজ্যৰ ১০ খন উচ্চ পৰ্যায়ৰ সংস্কৃত টোলৰ অন্যতম হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত এনেদৰে মৃত্যু ঘন্টা বাজিবলৈ ধৰা কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিছে৷

ইফালে, টোলখনলৈ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে আবন্টন দিয়া পূঁজিৰ সৎ ব্যৱহাৰ নোহোৱাৰ এক গুৰুত্বৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷গতিকে টোলখন আধুনিকৰূপত পুনৰাই নকৈ গঢ়ি তুলিবলৈ পৰিৱৰ্তনকামী চৰকাৰৰ প্ৰতি সচেতন লোকসকলে দাবী জনাইছে৷