চৰাইদেউঃ চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰহাটৰ হালোৱাত আৰক্ষীয়ে বনাঞ্চলৰ পৰা কঢ়িয়াই অনা কুন্দাসহ গাড়ীৰ লগতে বৰহাট আৰক্ষী থানাৰ আৰক্ষীক আৱদ্ধ কৰে স্থানীয় ৰাইজে। 

বৰহাট আৰক্ষী থানাৰ দল এটাই খৰি প্ৰয়োজন হোৱাত বন বিভাগক লিখিত আবেদন দাখিল কৰিছিল। ইয়াৰ পাছতেই হালোৱা খণ্ড বন বিষয়া ৰমেশ ঠাকুৰে ৰহস্যজনক ভাৱে বনাঞ্চলৰপৰা সজীৱ গছৰ কুন্দা কাটি আৰক্ষীৰ দলটোক যোগান ধৰে৷ 

আনহাতে, আৰক্ষীৰ দলটোৱে এএচ ০৪ এ চি ৫৬৫৮ টাটা ৪০৭ ৰে কুন্দা কঢ়িয়াই নিয়াৰ অৱস্থাতে স্থানীয় ৰাইজে জব্দ কৰে গাড়ীখন৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ কাঠসহ গাড়ীখনক জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে৷