গুৱাহাটীঃ অসমৰ আটাইতকৈ পুৰণি তথা সদাব্যস্ত শৰাইঘাটৰ পুৰণি ৰে’ল-ৰোড দলংখন মেৰামতিৰ বাবে শুকুৰবাৰৰেপৰা ৩ মাহৰ বাবে বন্ধ থাকিব।

এই সিদ্ধান্ত উত্তৰ-পূব ৰে’লৱে সীমান্ত বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনে যুটীয়াভাৱে গ্ৰহণ কৰিছে। আজি এই ব্যৱস্থা পৰীক্ষামূলকভাৱে কৰা হ’ব আৰু পৰৱৰ্তী সময়ত ইয়াক দলংখন যৰ মেৰামতি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কৰ্যকৰি কৰা হ’ব।

যান-জঁট নিযন্ত্ৰণৰ বাবে কামৰূপ জিলা আৰু কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত ব্যপক তৎপৰতা গ্ৰহণ কৰিছে। শৰাইঘাটৰ নতুন দলঙৰ মাজত ডিভাইডাৰৰ ব্যৱস্থা কৰা হ’ব যাতে দলঙৰ ওপৰত কোনো বাহনে অভাৰটেক কৰিব নোৱাৰে।

বন্ধৰ সময়ছোৱাত তীব্ৰ যান-জঁটৰ আশংকা কৰা হৈছে আৰু সেয়ে দিনৰ ভাগত শৰাইঘাট দলঙেৰে গধুৰ বাহনৰ যাতায়াত বন্ধ ৰখা হ’ব বুলি জনাইছে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই।