গোৰেশ্বৰত শৰণীয়া-কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন
মহিলা আয়োগৰ দায়িত্ব শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি দৰমহা খোৱা নহয়

গোৰেশ্বৰঃ মহিলা বা শিশু সকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰে যি সমূহ আয়োগ গঠন কৰি দিছে তেওঁলোকৰ দায়িত্ব কেবল শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি দৰমহা খোৱালৈ সীমিত হৈ পৰিছে। তেওঁলোকে মহিলা সকলৰ বাবে কাম কৰিবলৈ সঁচা অৰ্থত আগবাঢ়ি আহিব লাগিব। এই মন্তব্য ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট নাৰী অধিকাৰ সেৱী সুমিত্ৰা হাজৰিকাৰ। বাগসা জিলাৰ গোৰেশ্বৰত আজি শৰণীয়া- কচাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ ১৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন উপলক্ষে আয়োজিত এক মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে নিজৰ ভাষনত হাজৰিকাই এনেদৰে কয়। তেওঁ আৰু কয় যে আধুনিক নাৰীবাদ বৰ্জন কৰিব লাগে । নাৰী সকলৰ বিভিন্ন সমস্যা আৰু সমাজত নাৰীৰ অধিকাৰ যে আজিও সুৰক্ষিত নহয় তাৰ ব্যাখ্যা দাঙি ধৰে সুমিত্ৰা হাজৰিকাই।
গোৰেশ্বৰত শৰণীয়া-কচাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ ১৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনখন উপলক্ষে দিনৰ এক বজাত শৰণীয়া-কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ সভানেত্ৰী প্ৰমিলা দাস শৰণীয়াৰ পৌৰহিত্যত আয়োজিত মুকলি সভা উদ্বোধন কৰে শৰণীয়া-কছাৰী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ তথা শৰণীয়া কছাৰী সন্মিলিত দাবী সমিতিৰ সভাপতি দীপক ডেকাই।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে শৰণীয়া কছাৰীক জনজাতি বুলি অসম চৰকাৰে স্বীকৃতি দিছে। গতিকে কেনোবা জনকলাল বসুমতাৰীয়ে শৰণীয়া সকল জনজাতি নহয় বুলি ক'লে নহ'ব। তেওঁ কয় যে শৰণীয়া কছাৰী সকল অৰ্থনৈতিক ভাৱে আগুৱাব লাগিব। সকলো জাতি জনগোষ্ঠী মিলি সমন্বয়ৰ বাটৰে বাট বুলাৰ কথা উল্লেখ কৰে ব্ৰহ্মই। সভাত জলসিঞ্চন, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই শৰণীয়া কচাৰী সকলে জনজাতিৰ প্ৰমাণ পত্ৰ পাব লাগে বুলি মত প্ৰকাশ কৰে। এটা জাতি পোচাক-পৰিচ্ছদ, ভাষা সংস্কৃতিৰ মাধ্যমৰেহে জীয়াই থাকে বুলি ভাষণত কয় কলিতাই।
ইপিনে মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। তেওঁ নিজৰ ভাষণত কয় যে শৰণীয়া কছাৰী গেষ্ট হাউচ এটা নিৰ্মাণৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে। যিহেতু জনগোষ্ঠী ভিত্তিক বৰ অসমখন নিৰ্মাণ কথা কোৱা হয় সেয়েহে কোনো জাতি-জনগোষ্ঠী পিছ পৰি থকাটো আমি নিবিচাৰো। জনগোষ্ঠী সমূহক দিয়া কাউঞ্চিলসমূহো সমানে আগবাঢ়ি যোৱাৰ সপক্ষে মত প্ৰকাশ কৰে তেওঁ। অৱশ্যে বাট পথৰ কাম কৰিব লগা আছে বুলিও তেওঁ দোহাৰে।
সভাত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সমাজ গঠনত মহিলাৰ ভূমিকা অপৰিসীম। সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰতো মহিলাৰো গুৰপত্বপূৰ্ণ ভূমিকা আছে। সকলো জাতি জনগোষ্ঠীৰ ভাষাৰো আছে নিজা মাদকতা। শৰণীয়া কছাৰী ভাষাকো আগুৱাই নিবলৈ যত্নপৰ হ'ব লাগিব। তেওঁ সকলো জাতি জনগোষ্ঠীক মিলি সমাজ গঠন কৰাৰ আহ্বান কৰে। আমাৰ বা তোমাৰ বুলি ভাব ৰখা উচিত নহয় বুলি তেঁও কয়। নৱ কুমাৰ শৰণীয়া আৰু জনকলাল বসুমতাৰীৰ দৰে লোকৰ বাবেই জনজাতীয় সমাজখনত বিশৃংখলতা সৃষ্টি হোৱা বুলি উষ্মা প্ৰকাশ কৰে তেওঁ। শৰণীয়া-কছাৰীসকলৰ জনজাতিৰ প্ৰমাণ পত্ৰ পোৱা সমস্যাও সমাধান হৈ যাব বুলি কয় তেওঁ। তেওঁ আৰু কয় যে ট্ৰাইবেল সংঘও এই ক্ষেত্ৰত বহুত যোগাত্মক।
ইপিনে ২০০৩ চনৰ ২৫ অক্টোবৰত বাগসা জিলাৰ নাওকাটাত জন্মলাভ কৰা সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা ৮ বজাত পতাকা উত্তোলন ৮ . ৩০ বজাত স্মৃতি তৰ্পনৰ পিছতে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাত শৰণীয়া কছাৰীসকলৰ বৰ্ণিল সাংস্কৃতিক দিশটোক সুন্দৰভাৱে ফুটাই তোলা হয়।
সভাত বিটিচিৰ ইএম গণেশ কচাৰী, মহেশ্বৰ বসুমতাৰী, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন ডেকা, শৰণীয়া কছাৰী সন্মিলনী অসমৰ সভাপতি মহেশ্বৰ শইকীয়া, শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোনবৰ বৰুৱা, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ প্ৰতিষ্ঠাপক সভানেত্ৰী বানেশ্বৰী শইকীয়া আৰু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু তাৰ পিছত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ সামৰণি পৰে।
গোৰেশ্বৰৰ পৰা দীপাংকৰ দাস