তিনিচুকীয়াঃ জাতি মাটি ভেটি অৰ্থই সলনি কৰিলে বিজেপিয়ে৷ ৰাজ্যৰ কেইবা হেক্টৰ ভূমি বহিৰাগত বণিয়া কিম্বা বিদেশী মূলৰ লোকে অবৈধভাৱে দখল কৰিছে। বাবাৰাম দেৱক শ-শ বিঘা মাটি দিয়া জাতি-ভেটি-মাটিৰ চৰাকৰ কনে শাসনৰ বাঘজৰী হাতত লৈ কেৱল থলুৱা লোকক উচ্ছেদ কৰা আৰম্ভ কৰিছে। এনে কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা চমুকৈ আকছুই৷

সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়া নিউজ নেক্সট ৱানৰ স'তে হোৱা এক টেলিফোনিক বাৰ্তালাপত বৃহৎ পুঁজিপতি কিম্বা অবৈধ বাংলাদেশীয়ে দখল কৰা ভূমিক দখলমুক্ত কৰাতকৈ সৰ্বা চৰকাৰে অসমৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা কাৰ্যক কোনো কালেই সমৰ্থনযোগ্য নহয় বুলি মত প্ৰকাশ কৰে৷ এতিয়া চৰকাৰ খনৰ বাবে বাবা ৰামদেৱ হ'ত হে থলুৱা হৈ পৰিল বুলিও কয়।

আনকি তেওঁ কয় যে অসমৰ কোনো জনজাতি বা খিলঞ্জীয়া লোক কোনো চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ উদাহৰণ নাই বৰঞ্চ প্ৰকৃতিক সুৰক্ষা দি বনাঞ্চল ৰোধ কৰাত সহায়ক হিচাপেহে সৰ্বদা ঠিয় দি অহা পৰিলক্ষিত হৈছে৷ কাৰণ বৃহৎ কাঠৰ ব্যৱসায়ত বা চোৰাং চিকাৰী ধৰা পৰিলে তাত খিলঞ্জীয়া কেইজন লোক জড়িত সেয়া অনুমেয়৷ সেয়ে চৰকাৰে শীঘ্ৰে দুমূখীয়া নীতি পৰিত্যাগ কৰি জাতি-ভেটি-মাটিৰ শ্ল'গান দি ক্ষমতা হস্তগত কৰা কাৰ্যক বাস্তৱ ৰূপ দিয়াৰ সমাগত৷

অৱশ্যে বনাঞ্চল ধ্বংস কাৰ্যক চুতীয়া ছাত্ৰ সন্থাই কোনো কাৰণতে সমৰ্থন নজনায় কিন্তু সমসাময়িক ভাৱে বৃহৎ অঞ্চলটোত গা কৰি উঠা চিমেন্ট উদ্যোগসমূহৰ ক্ষেত্ৰতো একে ব্যৱস্থা নোলোৱাতোহে ৰহস্যজনক৷ তদুপৰি উচ্ছেদিত মানুহখিনিক পুনৰ সংস্থাপনৰ কিবা দিহা কৰিছে নেকি বুলি চৰকাৰক প্ৰশ্ন কৰে, যদিহে নাই কৰা তেন্তে বৃহৎ সংখ্যক লোক ক'লৈ যাব সেয়াও কোনো স্পষ্ট নীতি নাই সেয়ে শীঘ্ৰে এনে ঘটনাৰ তদন্ত হোৱা উচিত৷

ইপিনে একেখন চৰকাৰৰ একেই বন বিভাগে বানপীড়িত লাইকা-দধিয়াৰ লোকক তৰাণি যদি পেঙেৰী বনাঞ্চলত সংস্থাপন দিব পাৰে তেন্তে আমচাং খিলঞ্জীয়াৰ বাবে বাসপোযোগী কিয় হ'ব নোৱাৰে সেয়াও ৰহস্য৷ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ বিজেপি নেতৃত্বাধীন চৰকাৰে হেতালি খেলিলে সেয়া শীঘ্ৰে স্পষ্ট কৰা উচিত বুলি ছাত্ৰ নেতা গৰাকীয়ে কয়৷