Justdial
Justdial

সৰভোগঃ বঙাইগাঁও জিলাৰ চকিহালীৰ স্বৰগম সংগীত বিদ্যালয়খনে অহা ১৩ আগষ্টত দ্বিতীয় বৰ্ষপুৰ্তি পালন কৰিব ভৰি দিব। কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন, স্বৰগম সংগীত বিদ্যালয়ত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, সম্বর্ধনা সভা, শিল্পী পেন্সনপ্ৰাপ্ত প্ৰাণেশ্বৰ পাঠক, শিশু শিল্পী নৱনীতা ৰায় (শ্ৰেষ্ঠ অভিনেত্ৰী) অাৰু ৰিমঝিম ৰায়ক (শ্ৰেষ্ঠা কৌতুক অভিনেত্ৰী) সম্বৰ্ধনা জনাব৷

শিশু শিল্পী দুগৰাকীয়ে দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় সাংস্কৃতিক প্ৰতিযোগিতাত পুৰষ্কাৰ লাভ কৰে। অসমীয়া সংগীতৰ অতীত বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব৷  আলোচনা চক্ৰত মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰাতুল পাঠক, বিশিষ্ট সংগীতজ্ঞ ৰঞ্জন কুমাৰ ভট্টাচাৰ্য আৰু বিশিষ্ট শিল্পী অনামিকা নাথ শৰ্মা উপস্থিত থাকিব৷