
বালিপৰাঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম ছাত্ৰ গোট চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনখন অাজি চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷
ৰঙাপৰা অাঞ্চলিকৰ সভাপতি অংকুৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়া, তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি অচ্যুত তাঁতী, জিলা সাংগঠনিক সম্পাদক কুনাল বসুমতাৰীকে অাদি কৰি অাঞ্চলিকৰ লগতে ৰঙাপৰা মহাবিদ্যালয় অাছু গোটৰ বিষয়বৱীয়াসকল।
সভাত অঞ্চলটোৰ বিভিন্ন সমস্যাৱলী, জাতীয় সমস্যা তথা সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন বিষয়ৱলীৰ লগতে সাংগঠনিক, শৈক্ষিক দিশসমূহৰ ওপৰত বিশদ অালোচনা হয়।
সভাৰ শেষত অাগন্তুক বৰ্ষৰ বাবে পুৰণা সমিতিখন ভংগ কৰি ৰেৱ দত্ত শৰ্মাক সভাপতি অাৰু জ্যোৰ্তিমান চক্ৰৰ্ৱত্তী, পাৰ্থপ্ৰতীম বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৪১ জনীয়া শক্তিশালী সমিতি গঠন কৰে৷
সভাত সদৌ অসম ছাত্ৰৰ পতাকাৰ তলত থাকি সংবিধানৰ গণ্ডীৰ ভিতৰত সততা অাৰু নিষ্ঠা সহকাৰে একত্ৰিত ভাৱে সমাজৰ সামাজিক, শৈক্ষিক অাৰু জাতীয় সমস্যা সমূহ কৰাৰ বাবে সকলোৱে পণ লৈ অাগুৱাই যোৱাৰ বাবে সংকল্প বদ্ধ হয়।
সভাত বগীজুলি, লোকৰা, চেঙেলীমৰা উপ-শাখাৰ কৰ্মীবৃন্দ অাৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷