ডিজিটেল ডেস্কঃ কেমেৰাৰ আগত থিয় হৈ দৰিদ্ৰ অথবা দুৰ্গতক সহায় কৰাৰ অভিনয়ত ভাৰতীয় ৰাজনৈতিক নেতা পটু। পিছে কেমেৰা নোহোৱা হলেই জনতাৰ খবৰ লবলৈ তেওঁলোকৰ আহৰি নোহোৱা হয়।

নিজকে জনদৰদী সজাবলৈ নেতাসকলৰ বাবে কেমেৰাই হৈছে অস্ত্ৰ। পিছে জোখতকৈ বেছি অভিনয় কৰি ধৰা পৰিল শশীকলা নটৰাজন। আয়ৰ তুলনাত অধিক সম্পত্তি আহৰণৰ গোচৰত বৰ্তমান বন্দী তামিলনাডুৰ নেত্ৰীগৰাকী।

পিছে কাৰাবাসৰ কিছুদিন পূৰ্বে তেওঁ এম জি আৰ বিদ্যালয়ৰ মূক-বধিৰ শিক্ষাৰ্থীলৈ আগবঢ়াইছিল শ্ৰৱণ যন্ত্ৰ। কেমেৰাক সাক্ষী কৰি লৈ তেওঁ সকলোকে উপহাৰ প্ৰদান কৰিছিল। পিছে এতিয়া শশীকলাই দিয়া উপহাৰ ঘূৰাই নিলে শ্ৰৱণ যন্ত্ৰৰ নিৰ্মাতা প্ৰতিষ্ঠানে।

তেওঁলোকে প্ৰকাশ কৰা অনুসৰি শ্ৰৱণ যন্ত্ৰ ক্ৰয়ৰ বাবে উক্ত প্ৰতিষ্ঠানক শশীকলাই দিছিল ১৮.১৩ লাখ টকাৰ চেক। পিছে শশীকলাৰ চেক বাউন্স হল। কিয়নো একাউণ্টত নাছিল পৰ্যাপ্ত ধন। তদুপৰি খবৰৰ পিছতো ধন আদায় নিদিলে শশীকলাই। ফলত প্ৰতিষ্ঠানে ওভতাই নিলে ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ যন্ত্ৰ।