চতিয়াঃ চতিয়াৰ চতিয়াল গাঁৰত জন্ম গ্ৰহণ কৰা ভবেন হাজৰিকাই ৭০ বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ দুদিন গুৱাহাটী দিচপুৰ হাস্পটালত চিকিৎসাধীন হৈ শুকুৰবাৰে নিশা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

নিৰ্জীৱ কাঠ কাটি প্ৰাণ দিয়া ভবেন হাজৰিকাৰ হাতৰ পৰশ অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ নাম ঘৰে নাম ঘৰে সজিব হৈ আছে ভাষ্কৰ্য। ভবেন হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সিংহাসন সাত সাগৰ তেৰ নদীৰ সিপাৰে আমেৰিকা, ইংলেণ্ডলৈও গৈছে।

২০১৮ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন পাবলৈ সক্ষম হোৱা ভবেন হাজৰিকাৰ মৃত্যুত চতিয়াত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

ভবেন হাজৰিকাৰ মৃত্যুত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, চতিয়া নাগৰিক সভা, ইষ্টান্তিক, চতিয়া নাট্য সমাজ, আৰকুকে আদি কৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।