
তেজপুৰঃ আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড গড় চিকাৰী মিৰ্জদ আলিয়ে বুধবাৰে বনবিভাগৰ লকআপত আত্মহত্যা কৰাৰ পিছত আজি উত্তপ্ত হৈ পৰে চতিয়া থানা৷
কুখ্যাত চিকাৰীটোয়ে কালি কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰ লকআপত আত্মহত্যা কৰা ঘটনাটো এক পৰিকল্পিত হত্যা বুলি দাবী কৰি আজি চতিয়া থানা ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মৃত মিৰ্জদৰ নিজ গাওঁ চতিয়া ভোজমাৰীৰ একাংশ লোকৰ উপৰিও আমচুৰ একাংশ কৰ্মীয়ে৷
যোৱা ২২ ডিচেম্বৰত তেজপুৰ আৰক্ষীয়ে বন্দুক সহ গ্ৰেপ্তাৰ কৰিছিল মিৰ্জদ নামৰ চিকাৰীটোক৷ তাৰপিছতেই ৫ জানুৱাৰীত চিকাৰীটোক আৰক্ষীৰপৰা ৭ দিনৰ জিম্মাত লৈছিল বন বিভাগে৷
কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই অধিক তথ্যৰ বাবে জিম্মাত লৈ জেৰা চলোৱা চিকাৰীটো কালি ৰেঞ্জৰ লকআপৰ ভিতৰত মৃত্যু হোৱাৰ পিছত এই হত্যাকাণ্ড প্ৰাঞ্জল বৰুৱাৰ এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি আজি শতাধিক লোকে চতিয়া থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷
আনহাতে, ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নিলম্বনৰ দাবী তুলি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে থানাৰ চৌপাশ৷