তেজপুৰ টাউনঃ ৰাজ্য চৰকাৰে প্ৰতিখন ঘৰত, প্ৰতিখন গাঁৱত বিদ্যুৰ সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা কৰিছিল যোৱাটো বিধান সভা নিৰ্বাচনত৷ বছৰ বছৰ ধৰি লাঞ্চিত-বঞ্চিত অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিত ভোল গৈ ৰাইজে ভোট দান কৰিছিল মিত্ৰজোঁটৰ দল তিনিটাক৷ 

অগপ, বিজেপি আৰু বিপিএফক ৰাইজে ভোট দান কৰি দিছপুৰৰ গাদীত বহুৱালে যদিও ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তিনিওটা দলে চৰকাৰ গঠন কৰৰা তিনিবছৰ পাৰ হ’বৰ হ’ল যদিও গ্ৰাম্য এলেকাৰ লোকৰ সমস্যা দূৰ কৰিব পৰা নাই৷ চৰকাৰ গঠন পূৰ্বে নিৰ্বাচনৰ সময়ত বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিছিল৷ চৰকাৰ গঠন কৰিয়েই চমক সৃষ্টি কৰিছিল যদিও বৰ বৰ কথা সমূহ আৰু চমক ফোটোকাৰ ফেনত পৰিণত হয়৷

চৰকাৰ খনে ৰাজ্য খনৰ গ্ৰাম্য এলেকাৰ জনসাধৰণৰ বাবে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ গ্ৰাম্য এলেকাৰ জনসাধৰণে সমস্যাৰ মাজত জীয়াই থকাৰ পিছতো বিশেষ কোনো আঁচনিৰ জৰিয়তে সমস্যা সমূহ আতৰ কৰাৰ বাবে পন্থা হাতত নললে চৰকাৰে৷

বিশুদ্ধ খোৱাপানী লাভ কৰাটো গাঁৱৰ লোকৰ এক সপোন৷ গাঁও অঞ্চলত পকী পথ, ৰাজহুৱা যোগান ব্যৱস্থাৰ চাউল লাভ কৰাটো একপ্ৰকাৰ সপোন হৈ পৰিছে ৰাইজৰ৷ মুঠৰ ওপৰত গ্ৰাম্য এলেকাৰ জনসাধৰণৰ জীৱন ধাৰণ আজিও অনুন্নত৷ আজিও বিদ্যুৎৰ সংযোগৰ বাবে থলুৱা জনসাধৰণে হাহাকাৰ কৰিব লগা হয়৷ 

আজিও বহু লোকৰ বিদ্যুৎৰ পোহৰ দেখা পোৱাটো এক সপোন হে মাথোন৷ সাধৰণ মোবাইলটো চাৰ্জ দিবলৈ চাইকেল লৈ দুই চাৰি কিঃ মিঃ বাট অতিক্ৰম কৰিব লগা হয়৷ টকা দি মোবাইল চাৰ্জ কৰিব লগা হয়৷ বেলি ডুবাৰ পিছত সন্তানে পঢ়া-শুনা কৰিব নোৱাৰে৷ নিশা মানেই বহু পৰিয়ালৰ বাবে আতংক স্বৰূপ হৈ পৰে৷ 

তেনেই বহু পৰিয়াল আছে শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ চতিয়া সমষ্টিৰ চটাইত৷ মিচিংকে ধৰি বিভিন্ন খিলঞ্জীয়া লোকৰ বসতি প্ৰধান চটাইট আজিও নাই বিদ্যুৎৰ সংযোগ৷ ৰাইজে বাৰে বাৰে স্থানীয় বিধায়কক দাবী জনাই অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷ 

যাৰ ফলত শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ চটাইত সোমবাৰে ৰাজ পথলৈ ওলাই আহে স্থানীয় লোক৷ ৰাইজৰ সহযোগত টাকাম মিচিং পৰিণ কেবাঙ চমুকৈ টিমপিকেয়ে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ চতিয়া বিধান সভা সমষ্টিৰ চটাইত স্থানীয় ৰাইজৰ সহযোগত সংগঠনটোৱে পথ অৱৰোধ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি শীঘ্ৰে বিদ্যুতৰ সংযোগ দিয়াৰ দাবী জনায়৷  

অসম-অৰুণাচল সংযোগী পথ অৱৰোধ কৰি অঞ্চলটোত বিদ্যুৎ সংযোগ দিয়াৰ দাবী জনায়৷ টিমপিকেয়ে পথ অৱৰোধ কৰাৰ ফলত শ-শ যান-বাহন অাৱদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীয়ে পদ্ম হাজৰিকা মুৰ্দাবাদ, বিজেপি গ’ বেক, পল্লৱ লোচন মুৰ্দাবাদ শ্ল’গানেৰে উত্তাল কৰে চটাইৰ ৰাজপথ। 

উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৰ চতিয়া সমষ্টিৰ চটাই, ঢাৰিকাঠী, ভালুকপুং আদি কেইবাটাও অঞ্চলত ৰাইজে বিধায়ক পদ্ম হাজৰিকাক বিদ্যুৎ সংযোগ দিয়াৰ বাবে অাৱেদন-নিবেদন কৰি অাহিছে যদিও গুৰুত্ব আৰোপ নকৰাত টিমপিকেৰ সহযোগত স্থানীয় ৰাইজে পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীকাৰীসকলে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী আৰু শোণিতপুৰৰ উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।