শিমলুগুৰিঃ আজি নাজিৰা ৰোহিতেশ্বৰ শইকীয়া সোঁৱৰণি ইন্দোৰ ষ্টেডিয়ামত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়। সভাত উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ  নাজিৰা কলেজ গোটৰ সভাপতি জিতু হুছেইনে। সভাখন সভাপতিত্ব কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিকাশ ফুকনে৷

সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলামৰ লগতে শিমলুগুৰি আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি ইমৰান আলী, সাংগঠনিক সম্পাদক শোভন চাউ আৰু নাজিৰা কলেজ গোটৰ সভাপতি-সম্পাদক উপস্থিত থাকে।

সভাত জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকনে ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে হিন্দু বাংলাদেশী, নাগালিম চুক্তি, শিক্ষা ব্যক্তিগতকৰণ আদি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰে।

জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলামে ভাষণ প্ৰসংগত বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে- নাগালিমক অসমৰ এক ইঞ্চিও মাটি এৰি দিয়াৰ নহ’ব লগতে ছাত্ৰ নেতাজনে আৰ এচ এচৰ ইংগিতত চলা বিজেপি চৰকাৰ খনে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব লোৱা কাৰ্যক চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে।

এই সভাতেই নাজিৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৬০ জন ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ সংগঠনটোত যোগদান কৰে। জিলা সমিতিৰ তৰফৰ পৰা সমূহ নবাগত সদস্যক আদৰণি আৰু শুভেচ্ছা জনোৱা হয়৷