
চাবুৱাঃ ২০১৩ চনতেই অসম চৰকাৰে ধপাত বিৰোধী আইন প্ৰণয়ন কৰাৰ পাছতো ৰাজ্যজুৰি ধপাত জাতীয় সামগ্ৰী বিক্ৰী অব্যাহত আছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধপাত জাতীয় সামগ্ৰী বিৰুদ্ধে অসমৰ বহু ঠাইৰ লগতে তিনিচুকীয়াতো প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
উক্ত প্ৰতিবাদক সঁহাৰি জনাই তিনিচুকীয়া জিলা প্ৰশাসনে গুটখা, জৰ্দা, চাধা আৰু লালিগুৰৰ বিৰুদ্ধে এক পদক্ষেপ গ্ৰহণ কৰি এইসমূহ সামগ্ৰীৰ বিক্ৰী, মজুদকৰণ, আৰু যাতায়াতৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰী কৰিছিল৷ কিন্ত ইয়াৰ পিছতো প্ৰশাসনৰ কিছু বিষয়াক মেনেজ কৰি মুকলিকৈ ধপাত জাতীয় সামগ্ৰী আৰু লালিগুৰৰ ৰমৰমীয়া বেপাৰ পুনৰ অব্যাহত ৰাখিছে৷
এই সমূহ ধপাতজাতীয় সামগ্ৰী আৰু লালিগুৰৰ বিক্ৰী একেবাৰে বন্ধ কৰিবলৈ সোমবাৰে জিলা উপাযুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষ্যজ্যোতি গগৈ আৰু সম্পাদক পাপু দওই জানিবলৈ দিয়ে৷
জিলা প্ৰশাসনে যদি অতি সোনকালে এইক্ষেত্ৰত বিহিত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত সমূহ ছাত্ৰ-ছাত্ৰীৰ সতে একত্ৰিত হৈ এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি সংগঠনটোৱে জানিবলৈ দিছে।