কোকৰাঝাৰঃ সদৌ বি টি চি অনুসূচিত জাতি ছাত্র সন্থাই বুধবাৰে কোকৰাঝাৰ জিলা উপাযুক্ত কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। 

হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিভিন্ন শ্ল’গানেৰে পুৱা ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত সন্থাই ২০১৫ চনত বি টি চি চৰকাৰে অনুসূচিত জাতি পৰিষদৰ নামত আবন্টন দিয়া ভূমি শীঘ্ৰে সন্থাক হস্তান্তৰ কৰা, বিটিচিৰ একাংশ পৰিষদীয় সমষ্টি আৰু ভিচিডিচিত অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ কৰাৰ দাবী জনায়৷

কোকৰাঝাৰত সুকীয়া অনুসূচিত জাতি সঞ্চালকালয় গঠন কৰা, বি টি চিৰ বনাঞ্চলত বসবাস কৰি থকা অনুসূচিত জাতিৰ লোকসকলক ভুমি পট্টা প্ৰদান কৰা, চি এছ বি (চেন্ট্ৰেল চিলেকছন বোৰ্ড) আৰু আন বোৰ্ড সমূহত অনুসুচিত জাতিৰ প্ৰতিনিধি নিযুক্তিকৰণ, ভেৰগাঁও, তামুলপুৰ, কাজলগাঁও, শালবাৰী, পৰ্ৱতঝোৰা আৰু মুছলপুৰৰ ৬ খন উন্নয়ন বোৰ্ডক পূৰ্ণাংগ পৰ্যায়ৰ বোৰ্ডলৈ ৰূপান্তৰিত কৰাৰ দাবী জনায়৷

চিৰাং, বাক্সা আৰু ওদালগুৰিত অনুসূচিত জাতি উন্নয়ন নিগম গঠন কৰা, অনুসূচিত জাতি হৰিজন সম্প্ৰদায়ৰ বাচফৰ উপজাতিৰ লোকসকল বি টি চিৰ প্ৰতিটো কাৰ্যালয়ত চাফাই কৰ্মচাৰী হিচাপে নিয়মীয়া নিযুক্তি প্ৰদান কৰা আদিকে ধৰি সন্থাৰ মুঠ ১১ দফীয়া দাবী শীঘ্ৰে ৰূপায়ন কৰিবলৈ দাবী উত্থাপন কৰে। তদুপৰি সন্থাই কোকৰাঝাৰ জিলা উপাযুক্তৰ জৰিয়তে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।