
ডিজিটেল ডেস্কঃ 'যিহকে পায় তাকে আমাৰ আগত থ’লেই হ’বনে? আপুনি কৰিব কি বিচাৰিছে? আপুনি আমাক পতিয়ন নিয়াব বিচাৰিছে নেকি? আমি পতিয়ন যোৱা নাই!’ মঙলবাৰে ঠিক এনেই এক কঠোৰ ভাষ্য শুনা গ’ল সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ ন্যায়াধীশ মদন বি লকোৰ আৰু দীপক গুপ্তাৰ পৰা।
দৰাচলতে কেন্দ্ৰ চৰকাৰে গোটা আৱৰ্জনা ব্যৱস্থাপনা সংক্ৰান্ত ৮৪৫ পৃষ্ঠাসম্বলিত এখন অসম্পুৰ্ণ এফিডেভিট দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত।
ন্যায়ালয়ৰ বিচাৰপীঠখনে উক্ত শপতনামাখনক ক্ৰুটিপূৰ্ণ আৰু অসম্পুৰ্ণ বুলি কোৱাৰ লগতে স্পষ্ট কৰি কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খন কোনো জাবৰ সংগ্ৰহকাৰী স্থান নহয় যে যেনে-তেনে কোনো প্ৰতিবেদন এখন দাখিল কৰি দিলেই তাৰ ওপৰত বিচাৰ-বিবেচনা কৰা হ’ব।
উল্লেখ্য যে গোটা আৱৰ্জনা ব্যৱস্থাপনা, ২০১৬ৰ অধীনত ৰাজ্যসমূহৰ লগতে কেন্দ্ৰশাসিত এলেকাসমূহে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শকাৰী ব’ৰ্ড গঠন কৰিছে নে নাই, যদি কৰিছে তেন্তে কেতিয়া, কাৰ তত্বাবধানত কৰা হৈছে, বৈঠক বহিছে যদি তাৰে তথ্য-পাতি আদি বিচাৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কেন্দ্ৰ চৰকাৰক তিনি সপ্তাহৰ সময় দিছিল ন্যায়ালয়ে। কেন্দ্ৰৰ লেহেমীয়া গতি দেখি ২০১৭ বৰ্ষৰ ডিচেম্বৰ মাহতে ন্যায়ালয়ে পুনৰাই সম্পুৰ্ণ নথি বিচাৰি কেন্দ্ৰক নিৰ্দেশ দিছিল।
তাৰ পিছতো অসম্পুৰ্ণ আৰু ক্ৰুটিপূৰ্ণ নথি দিয়াৰ বাবে কেন্দ্ৰ চৰকাৰৰ প্ৰতি নিন্দাসূচক মন্তব্য কৰে বিচাৰপীঠখনে। ডেংগু, চিকুনগুনিয়া আদি মাৰাত্মক ৰোগৰ কাৰণ গোটা আৱৰ্জনাৰ কাৰণে হোৱা বুলি ন্যায়ালয়খনে গভীৰ চিন্তা ব্যক্ত কৰি সংশ্লিষ্ট সকলো বিভাগকে এই সন্দৰ্ভত পদক্ষেপ ল’বলৈ আহ্বান জনাইছিল। তাৰ পিছত এনেদৰে আওকণীয়া কাম কৰাৰ বাবে কেন্দ্ৰক মঙলবাৰে কঠোৰ ভাষাৰে নিন্দা কৰে বিচাৰপীঠখনে।
Courtesy: economictimes.indiatimes.com