
ডিজিটেল ডেক্সঃ গণতান্ত্ৰিক দেশ এখনত নাগৰিকৰ শেষ ভৰসা হ’ল ন্যায়ালয়। সেয়ে স্বতন্ত্ৰ ন্যায় ব্যৱস্থা সুস্থ গণতন্ত্ৰৰ বাবে অতি জৰুৰী। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত দিনত কেন্দ্ৰীয় চৰকাৰৰ ন্যায় ব্যৱস্থাত কৰা হস্তক্ষেপে সকলোকে চিন্তিত কৰি তুলিছে। এই অপবাদৰ পৰা সাৰি যোৱা নাই স্বয়ং দেশৰ মুখ্য ন্যায়াধীশ। যোৱা জানুৱাৰীত চাৰি জ্যেষ্ঠ ন্যায়াধীশে অভূতপূৰ্ব সংবাদমেল আয়োজন কৰি আলোড়ণ সৃষ্টি কৰিছিল।
ইয়াৰ পাছতো চৰকাৰে গণতন্ত্ৰৰ বাবে নেতিবাচক এনে কাৰ্যৰ পৰা আঁতৰি অহা নাই। ফলত জ্যেষ্ঠ ন্যায়াধীশ জাষ্টি চেলামেশ্বৰে পুনৰ মাত মাতিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। দেশৰ উচ্চ ন্যায়ালয়সমূহত ন্যায়াধীশ নিযুক্তিক ক্ষেত্ৰত চৰকাৰে কৰি অহা হস্তক্ষেপৰ সন্দৰ্ভত আলোচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশৰ ফুল ক’ৰ্টৰ সভা আহ্বান কৰিবলৈ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰলৈ যোৱা সপ্তাহত এক পত্ৰ প্ৰেৰণ কৰিছে।
মন কৰিবলগীয়া যে জিলা ন্যায়াধীশ পি কৃষ্ণ ভাটক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ দুবাৰকৈ অনুমোদন দিয়াৰ পাছতো তেওঁক নিযুক্তি দিয়া হোৱা নাই৷ বৰং তেওঁৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দিনেশ মহেশ্বৰীয়ে এটা তদন্তৰ নিৰ্দশ দিছে৷ দেশৰ মুখ্য ন্যায়াধীশক নজনোৱাকৈ দিয়া এই তদন্তত প্ৰশ্ন উত্থাপন কৰিছে ন্যায়াধীশ চেলামেশ্বৰে৷
ন্যায়াধীশ চেলামেশ্বৰৰ পত্ৰৰ উত্তৰ এতিয়াও দিয়া নাই মুখ্য ন্যায়াধীশে৷ পাঁচ পৃষ্ঠাৰ পত্ৰখনত ন্যায়াধীশ চেলামেশ্বৰে কয় যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে দিয়া অনুমোদনাৱলী গ্ৰহণত চৰকাৰে বাচ-বিচাৰ কৰিছে৷ চৰকাৰৰ নিজ পছন্দৰ নোহোৱা অনুমোদিত প্ৰাৰ্থীসকলক হয় আওকাণ কৰিছে, নহয় যি কোনো প্ৰকাৰেৰে নিযুক্তিত বিলম্ব কৰিছে৷ চৰকাৰৰ এনে কাৰ্যই ন্যায় ব্যৱস্থাৰ স্বাধীনতাত বিঘিনি ঘটাইছে৷