ডিজিটেল ডেস্কঃ খাপ পঞ্চায়তে বিবাহৰ ক্ষেত্ৰত নিজে গ্ৰহণ কৰা বিভিন্ন নীতি-নিয়ম খটুৱাই বিভিন্ন সময়ত যুৱক-যুৱতীক বিয়াত বাধা দি আহিছে৷ জাত-পাত, উচ্চ-নীচ ভেদাভেদ কৰি খাপ পঞ্চায়তে বিভিন্ন সময়ত নিৰ্দেশ জাৰি কৰি বিবাহৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়াৰ খবৰ প্ৰচাৰ হয়৷ এই ক্ষেত্ৰত খাপ পঞ্চায়তৰ বিৰুদ্ধে এগৰাকী লোকৰ আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে খাপ পঞ্চায়তৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই দুজন লোকে বিবাহত আৱদ্ধ হলে তৃতীয় কোনো লোকে প্ৰত্যাহ্বান হৈ থিয় দিব নোৱাৰে বুলি স্পষ্ট কৰে৷

সোমবাৰে শুনানি কালত বিবাহত আৱদ্ধ হ’ব বিচৰাসকলৰ সৈতে পৰিয়াল, সমাজৰ কোনো লোকৰে তেওলোকৰে লেনা-দেনা নাই বুলি কয়৷ খাপ পঞ্চায়তৰ বিষয়ত পুনৰ ১৬ ফেব্ৰুৱাৰীত শুনানিৰ দিন ধাৰ্য কৰে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এনে কাৰ্যক খাপ পঞ্চায়ত সংস্থাৰ বাবে উপযোগী বুলি মন্তব্য প্ৰকাশ কৰে। ব্যক্তিগত ভাৱে, সামূহিক ভাৱে তথা সংগঠনে  বিবাহত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব বুলি কয় ন্যায়ালয়ে৷ কোনো লোকে তেওলোকক বিচ্ছেদ কৰিব নোৱাৰে৷

আদালতে আমি ইয়াত কাহিনী লিখিবলৈ আৰু বিবাহৰ কেনেদৰে হ’ব তাক লৈ কাহিনী লিখিবলৈ আমি বহি থকা নাই বুলি কয়৷ খাপ পঞ্চয়তৰ অধিবক্তাক আপোনালোক কোন কাৰোবাৰ বিবাহত দখল দিবলৈ বুলি প্ৰশ্ন কৰে ন্যায়ালয়ে৷ আইনে নিজৰ কাম কৰিব৷ আপোনালোকে বিবাহ পাশত আৱদ্ধসকলৰ বাবে চিন্তা নকৰিব আইনে নিজৰ কাম নিজে কৰিব৷ শীৰ্ষ আদালতে সেই দুজনৰ লোকৰ হে অধিকাৰৰ চিন্তা কৰা বুলি কৈ যি দুগৰাকী লোকে বিবাহপাশত আৱদ্ধ হৈছে৷

দিল্লীৰ খেয়ালাৰ অংকিত চাক্সছেনাৰ মৃত্যুত প্ৰশ্ন উত্থাপন কৰি এগৰাকী লোকে আদালতত আৱেদন কৰে৷ উচ্চ ন্যায়ালয়ে অংকিতাৰ মৃত্যু হত্যাকাণ্ড আখ্যা দি শীঘ্ৰে তদন্ত হ’ব লাগে বুলি কয়৷ উচ্চতম ন্যায়ালয় ওচৰত এই গোচৰ নাই বাবে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে একো নকয় বুলি কয়৷ উচ্চতম ন্যায়ালয়ে খাপ পঞ্চায়ত সন্দৰ্ভত শুনানি অনুষ্ঠিত কৰি আহিছে৷ এয়াৰ পূৰ্বৰ শুনানিত আদালতে পঞ্চায়তে কোনো যুৱক-যুৱতীক নিৰ্দেশ দি বিবাহ বন্ধ কৰিব নোৱাৰে বুলি কয়৷ কোনো বালিক যুৱক-যুৱতীয়ে বিবাহ পাশত আৱদ্ধ হোৱাত বাধা দিলে সেয়া আইনবিৰোধী হ’ব৷ যদি বালিক যুৱক-যুৱতীয়ে বিবাহৃপাশত আৱদ্ধ হয় তেন্তে কোনো লোকে, সমাজ আৰু পঞ্চায়তে প্ৰশ্ন কৰিব নোৱাৰে বুলি কয়৷