
newsnextone.com | গৰৈমাৰিঃ সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাৰ অভাৱ নাই৷ দল-সংগঠনৰ নেতাই গিজিগিজাই থকা ৰাজ্যখনত সমস্যাৰো অভাৱ নাই৷ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী যোগান, স্কুল-কলেজৰ অনেক সমস্যাৰ লগতে কৃষি প্ৰধান জিলাখনত কৃষকৰ অনেক সমস্যা আছে৷
সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাসকলে গ্ৰাম্য এলেকাৰ সমস্যা সমূহ দূৰ কৰি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ কথা উল্লেখ কৰে৷ এইবাৰ ৰাজ্যৰ সংখ্যালঘু নিবনুৱাক মাধমাৰ শোধোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ ৰাজ্য চৰকাৰ খন সংখ্যলঘু দৰদী বুলি সময়ে সময়ে জাহিৰ কৰি থকাৰ সময়তে নিবনুৱাক চৰকাৰী সাহায্য প্ৰদানৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷
ৰাজপথৰ দাতিত ফলক আৰি ৰাজ্য চৰকাৰে ৰূপায়ন কৰা আঁচনিৰ জৰিয়তে বাঃ বাঃ লোৱাৰ চেষ্টা কৰি অহাৰ সময়তে ৰাজ্য চৰকাৰে নিবনুৱা যুৱকক সাহায্য প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ লগতে ৰামঠগন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
ৰাজ্য চৰকাৰে সংখ্যালঘু যুৱকৰ উন্নয়নৰ পথ মুকলি কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলি সভাই সমিতিয়ে কৈ আহিছে৷ আনকি যোৱা বাজেট অধিবেশত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীকে ধৰি যুৱকসকলৰ বাবে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰিছিল৷ তাৰ পূৰ্বে ৰাজ্য চৰকাৰে ৰেহাই মূল্যত ৰাজ্যৰ সংখ্যালঘু যুৱকক প্ৰদান কৰিছিল টেম্প৷
মুখ্যমন্ত্ৰীৰ ডাঙৰ ডাঙৰ ফটো লাগি থকা টেম্প সমূহৰ জৰিয়তে যাতে সংখ্যালঘু যুৱকৰ উন্নয়ন হয় তাৰেই কামনা কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ নিবনুৱা সংস্থাপন আঁচনিৰ জৰিয়তে নিবনুৱা যুৱকক কৰ্ম সংস্থাপন কৰাৰ উদ্দেশ্যে ৫০ শতাংশ ৰেহাই মূল্যত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱকক প্ৰদান কৰিছিল একোখনকৈ টেম্প৷
বিগত বৰ্ষত বিজেপি নেতৃত্বাধীন চৰকাৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধিনত ৫০ শতাংশ ৰেহাই মূল্যত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ ছয়গাঁও বিধান সভা সমষ্টিৰ গৰৈমাৰী অঞ্চলৰ প্ৰায় ৪০গৰাকী যুৱকক ৪০ খন টেম্প দিছিল৷ অভিযোগ অনুসৰি বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমানৰ আপোন চিৰাজ আলী নামৰ লোকগৰাকীয়ে ৪০গৰাকী যুৱকৰ পৰা টকা লৈ দিছিল ৫০ শতাংশ ৰেহাই মূল্যৰ টেম্প সমূহ৷
ইতিমধ্য টেম্প লোৱা যুৱকসকলে মাহিলি ৬৬৮০ টকাকৈ ১৪-১৫টা কিস্তি আদায় দিয়ে৷ প্ৰায় এক লাখকৈ টকা জমা দিয়াৰ পিছতো আজিলৈকে ৰেহাই নোপোৱাত দৰিদ্ৰ পৰিয়ালৰ যুৱকসকলে হাহাকাৰ কৰিব লগা হয়৷
টেম্প খনৰ বজাৰ মূল্য ২ লাখৰ পৰা ২ লাখ ৫০ হাজাৰ যদিও যুৱকসকলে প্ৰতিটো কিস্তিত ৬৬৮০ টকাকৈ ৪৮টা কিস্তি দিবৰ বাবে নিৰ্ধাৰণ কৰি দিয়াত সৰ্বমুঠ ৩ লাখ টকা আদায় দিব লাগিব একোগৰাকী যুৱকে৷ যদি একোগৰাকী যুৱকে তিনিলাখ টকা দিব লাগেই তেন্তে ৰেহাই মূল্যৰ কথাটো কৰ পৰা আহিল৷ বিজেপি চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ নিবনুৱা যুৱকক টেম্প দিয়াৰ নামত ৰামঠগন দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ টেম্প চলাই ঘৰ চলোৱা নিবনুৱা যুৱকসকলে এই কথাক সহজে লব পৰা নাই৷ দেহৰ ঘাম মাটিত পেলাই মাহিলী কিস্তি দি আহিছে যদিও ৰেহাই দিয়াৰ নামত ৰামঠগন দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
অভিযোগ মতে বিজেপি নেতা মতিউৰ ৰহমানে ৫-১০ হাজাৰ টকা লৈহে টেম্প সমূহ বিতৰণ কৰিছিল৷ তাৰ মাজতে দেওবাৰে যুৱকসকলে গৰৈমাৰীত প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীত বিজেপি চৰকাৰে শিক্ষিত নিবনুৱা যুৱকসকলক ৫০ শতাংশ ৰেহাই মূল্যত টেম্প দিয়াৰ নাটক ৰচনা কৰাত নিবনুৱা যুৱকসকল ক্ষোভিত হৈ পৰে৷ দেওবাৰে হাতীপাৰা হাইস্কুল খেল পথাৰত টেম্প লোৱা যুৱসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী টেম্প চালকসকলে বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, ৫০ শতাংশ ৰেহাই দিয়ক আদি শ্ল’গানেৰে হাতীপাৰাৰ আকাশ বতাহ কঁপাই তোলে।