
মোৰাঝাৰঃ অসমৰ শিক্ষা বিভাগে শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে হেজাৰ হেজাৰ শিক্ষক নিযুক্তি দিয়াৰ লগতে বিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ নামত বিভিন্ন আঁচনিৰ কোটি কোটি টকা ব্যয় কৰিছে৷ কিন্তু ইয়াৰ পাছতো হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ডবকাৰ পাৰ্শ্বৱৰ্তী ডবকা-গণিপুৰ পথাৰৰ কাষতে থকা নমাটি প্ৰাথমিক বিদ্যালয় খনৰ দুৰাৱস্থাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে৷
যোগীজান প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত থকা নমাটি প্ৰাথমিক বিদ্যালয়খন ১৯৮৫ চনতে স্থাপন কৰা হৈছিল। ছয়টা শ্ৰেণীৰ পাঠদান হোৱা বিদ্যালয় খনত ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষা বিভাগে নিযুক্তি দি ৰাখিছে দুজন শিক্ষকক। যাৰ ফলত এজন শিক্ষকৰ অনুপস্থিতিত আন এজন শিক্ষকে অকলে পাঠ দান কৰোৱাটো অসম্ভৱ হৈ পৰে৷
আনহাতে এই বিদ্যালয়খনত নাই প্ৰয়োজন অনুসৰি গৃহ তথা ছাত্ৰ ছাত্ৰী বহিব পৰাকৈ পৰ্যাপ্ত ডেক্স বেঞ্চ৷ যাৰ ফলত বাধ্য হৈ বিদ্যালয়খনৰ গোটেইকেইটা শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীয়ে বেৰ নথকা সৰু ঘৰ এটাত একেলগে মাটিত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈ আছে৷
ইফালে বাৰিষাৰ সময়ত বিদ্যালয় গৃহৰ ভিতৰত পানী সোমাই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ নষ্ট কৰা বুলিও জানিব পৰা গৈছে৷ চৌপাশে পানী আবদ্ধ হৈ থকা বিদ্যালয়খনত সৰ্ব্বশিক্ষা মিছনৰ পৰা শৌচাগাৰ আৰু প্ৰশ্ৰাৱগাৰ নিৰ্মাণ কৰি দিছিল। কিন্তু তাত যাবলৈ হ’লেও ছাত্ৰ-ছাত্ৰীসকলে বোকা পানী গচকি যাব লাগে। গড়কাপ্তানি পথৰ দাঁতিতে থকা বিদ্যালয়খনৰ উন্নয়নৰ নামত চৰকাৰ বা স্থানীয় বিধায়ক গৰাকীৰ পৰা এটকাও আৰ্থিক অনুদান লাভ কৰা নাই বুলিও জানিব পৰা গৈছে।
দ্বিতীয় গুণোৎসৱ পালন কৰি যি সময়ত শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰাৰ প্ৰয়াস কৰিছে, সেই সময়তে শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈছে একাংশ ছাত্ৰ-ছাত্ৰী৷ আনহাতে নমাটি প্ৰাথমিক হিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে স্থানীয় বিধায়ক তথা শিক্ষা বিভাগৰ ফালে অভিযোগৰ আঙুলি টোৱাই বিদ্যালয়খনত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ বিদ্যালয় পৰিচালনা সমিতি তথা স্থানীয় ৰাইজে দাবী জনাইছে৷