নলবাৰীঃ নলবাৰীৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন এবিচিডি আৰু ইনাৰ হুইল ক্লাৱে আৰম্ভ কৰা "হাইজিন ফৰ ওমেন কেম্পেইন-২০১৭"ৰ অংশ ৰূপে আজি ঘগ্ৰাপাৰস্থিত বনভাগ কনিষ্ঠ মহাবিদ্যালয়ত এখন সজাগতা সভা অনুস্থিত হৈ যায়।

বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই উদ্বোধন কৰা সভা খন আঁত ধৰে এবিচিডিৰ উপ সভাপতি প্ৰনৱ জ্যোতি কলিতা আৰু এবিচিডি ঘগ্ৰাপাৰৰ আহ্বায়ক চফিকুৰ ৰহমানে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মল্লিকা শৰ্মা আৰু ধৰিত্ৰী ডেকাই সমল ব্যক্তি ৰূপে উপস্থিত থাকি চেনিটেৰী নেপকিন ব্যৱহাৰৰ উপকাৰ সমুহ বাখ্যা কৰে।

ইয়াৰ আগতে প্ৰায় ৬০০ মহিলা আৰু ছাত্ৰী উপস্থিত থকা সভাখনত বক্তব্য ৰাখে এবিচিডিৰ সভাপতি দিগন্ত মিশ্ৰই। ভাষণ প্ৰসংগত মিশ্ৰই দেশৰ প্ৰায় সত্তৰ শতাংশ মহিলাই আজিে চেনিটেৰী পেড ব্যৱহাৰ নকৰে। ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে সজাগতাৰ অভাৱ আৰু ক্ৰয়ৰ সামৰ্থ বাহিৰত বাবে মহিলা সকলে ব্যৱহাৰ কৰিব নিবিছাৰে।

এবিচিডিএ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত সজাগতা সভা আয়োজনৰ লগতে নেপকিনৰ ওপৰত আৰোপিত কৰ প্ৰত্যাহাৰৰ বাবেও কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বুলি কয়। এবিচিডিৰ সম্পাদক দিলীপ তালুকদাৰৰ নেতৃত্বত অংশগ্ৰহণকাৰী সকলৰ মাজত বিনামুলীয়া চেনিটেৰী পেড বিতৰণ কৰে৷