
বিহালীঃ চমক সৃষ্টিৰ বাবে ন’ ন’ আঁচনি ললেও আজিও সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ বহু বিদ্যালয়৷ যেন নানা সমস্যাৰ সৈতে যুজ হে দিছে শিক্ষানুষ্ঠান সমূহে৷ গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱৰ লগতে বিশুদ্ধ খোৱাপানী, টয়লেটৰ ব্যৱস্থা, বিদ্যালয়ৰ চৌহদৰ বেৰ, শিক্ষকৰ অভাৱ আজিও দেখা যায়৷ একপ্ৰকাৰ চৰকাৰী শিক্ষা ব্যৱস্থা একপ্ৰকাৰ জুৰুলা হৈ পৰিছে গ্ৰাম্য অঞ্চলত৷ একাংশ বিদ্যালয়ত বহু ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কম শিক্ষকে পাঠদান কৰিব লগা হয়৷
অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰিম বুলি ভোট ভিক্ষা মাগিছিল৷ ৰাইজে এক বিকল্পৰ সন্ধানত বহু আশাৰে ভোটদান কৰিছিল দল তিনিটাক৷ কিন্তু শাসনৰ গাডীত বহাৰ পিছত শিক্ষা, স্বাস্থ্য, আদিৰ সমস্যা সমাধানৰ পৰিবৰ্তে আন কিছু কথাত হে চৰকাৰ খনে ব্যস্ত থকা দেখা যায়৷ তাৰ মাজতে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ এখন বিদ্যালয়ত শিক্ষকৰ অভাৱত ছাত্ৰী-ছাত্ৰীয়ে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে৷
শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে সমস্যাত পৰা দেখা যায়৷ মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালী সমষ্টিৰ অন্তৰ্গত তিনিসুতি উচ্চ ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছতো মন্ত্ৰী ৰঞ্জিত তথা শিক্ষা বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিদ্যালয় খনত আছে প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰী৷ বিপৰীতে শিক্ষক আছে ১১গৰাকী৷
পৰিতাপৰ বিষয় এই যে, বিদ্যালয়খনত গণিত, বিজ্ঞান আৰু হিন্দী বিষয়তে নাই শিক্ষক। যাৰ বাবে সমস্যাত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ৷ বিদ্যালয় খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে গণিত, বিজ্ঞান আৰু হিন্দী বিষয়ত পাঠদান নকৰাকৈয়ে অৱতীৰ্ণ হ'ব৷ ছাত্ৰ-ছাত্ৰীসকলে বহু কষ্টৰে ঘৰত পাঠদান কৰিব লগা হৈছে৷ ব্যক্তিগত শিক্ষকেৰে পাঠদান কৰি পৰীক্ষাত বহিবলৈ সাাজু হৈছে তেওলোক৷ বছৰ বছৰ ধৰি পৰীক্ষাৰ্থীযে বিপাঙত পৰি আহিছে।
ছাত্ৰ-ছাত্ৰীৰ স্কুটি দিয়াৰ চমক সৃষ্টিৰ ঘোষণা কৰাতকৈ শিক্ষক নিয়ুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৰাইজে৷ স্থানীয় ৰাইজে বিদ্যালয় খনত গণিত, বিজ্ঞান আৰু হিন্দী বিষয়ৰ শিক্ষক নিযুক্তি দিবলৈ আহ্বান জনাই আহিছে মন্ত্ৰী ৰঞ্জিত তথা শিক্ষা বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ মন্ত্ৰী ৰঞ্জিত দত্ত তথা সমষ্টিৰ বিজেপিৰ নেতা-কৰ্মীয়ে সাংসদ আৰ পি শৰ্মাৰ বিৰুদ্ধে যুদ্ধ কৰি থকাৰ ফলত বিদ্যালয় সমূহৰ খবৰ লবলৈ আহৰি নোপোৱা বুলি একাংশ লোকে কটাক্ষ কৰে৷ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে বিদ্যালয়খনত শীঘ্ৰে স্থায়ী শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে৷