প্ৰতিকী ফটো

নগাঁওঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্তমান অৰাজক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ উঠিছে ৷

বিদ্যালয়খনত স্থায়ী অধ্যক্ষ নিযুক্তিক কেন্দ্ৰ কৰিয়েই বিগত প্ৰায় ৮ মাহৰ পৰা চলি আহিছে অচলাৱস্থা৷ যাৰ পৰিণতিত স্বাভাবিকতেই বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হৈ পৰিছে ৷

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিগৰাকীৰ চূড়ান্ত মইমতালি আৰু পক্ষপাতিত্বমূলক আচৰণৰ পৰিণতিতেই এনেদৰে বিদ্যালয়খনত স্থায়ী অধ্যক্ষ নিযুক্তিত অচলাৱস্থাৰ সৃষ্টি হোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে খোদ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে৷

আনকি সভাপতিগৰাকীৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ ইতিমধ্যে সমিতিখনৰ চাৰি জনকৈ সদস্যই পদত্যাগ কৰাত বিষয়টো আৰু অধিক চৰ্চালৈ আহিছে ৷ এনেদৰে উদ্ভৱ হোৱা অভাৱনীয় পৰিস্থিতিৰ বাবেই দীৰ্ঘ দিন ধৰি বিদ্যালয়খনত মধ্যাহ্ন ভোজন ছাত্ৰ-ছাত্ৰীয়ে খাব পোৱা নাই৷

ফলশ্ৰুতিত অব্যৱহৃতভাৱে পৰি থকা উক্ত আঁচনিৰ চাউলসমূহ কোঠাৰ ভিতৰতে পঁচিবলৈ ধৰাত বিদ্যালয়ত এক দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হোৱাত তেনে কদৰ্যময় পৰিবেশতে ছাত্ৰ-ছাত্ৰীয়ে নাক কোচাই অধ্যয়ণ কৰিবলগীয়া হৈছে৷ বিদ্যালয়খনত এজন অৰ্হতাসম্পন্ন স্থায়ী অধ্যক্ষ নিযুক্তি দি বিদ্যালয়ৰ বিনষ্ট পৰিবেশ ঘূৰাই আনি সুস্থিৰতা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে দাবী জনায়৷