নগাঁওঃ দেশত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহালৈ লক্ষ্য কৰি ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গোটেই দেশজুৰি 'মিছন সাহসী' শীৰ্ষক এক আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। এই 'মিছন সাহসী'ৰ লগত সংগতি ৰাখি পৰিষদৰ বটদ্ৰৱা শাখাই আজিৰেপৰা চাৰিদিনীয়াকৈ বটদ্ৰৱা শংকৰদেৱৰ শিশু বিদ্যা নিকেতনত এক প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছে৷ বটদ্ৰৱা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ অৰ্ধশতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। 'মিছন সাহসী'ৰ বটদ্ৰৱাৰ সমন্বয়ক চন্দ্ৰামিকা কলিতাই আঁত ধৰা অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক প্ৰলয় কুমাৰ বড়ো, ৰাষ্ট্ৰীয় কলা মঞ্চৰ ৰাজ্যিক সহ-প্ৰমুখ ভাস্কৰ কলিতা, প্ৰশিক্ষক নৱজ্যোতি বৰদলৈ, প্ৰণৱ বৰা, দীপজ্যোতি কলিতা, দেৱজিৎ দাসকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। এই প্ৰশিক্ষণ শিবিৰ ২৯ অক্টোবৰত সামৰণি পৰিব৷