25
Jun
2017

ডি়জিটেল ৰিপ'ৰ্টঃ চৌদিশে কেৱল নাৰী নিৰ্যাতনৰ ঘটনা। নাৰীক সুৰক্ষা প্ৰদানত দুখলগাকৈয়ে ব্যৰ্থ আৰক্ষী-প্ৰশাসন। এনে পৰিপ্ৰেক্ষিতত নাৰীসকলৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে আত্মৰক্ষাৰ কৌশল।
নাৰীসকলে যাতে বিপদৰ সন্মুখীন হ'লেও সাহসেৰে প্ৰত্যুত্তৰ দিবলৈ সমৰ্থ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথত আয়োজন কৰা হৈছে বিশেষ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ।
বিশ্বনাথৰ ফে'চবুক ফ্ৰেইণ্ডছ ক্লাবে হাতত লৈছে এই প্ৰশংসনীয় পদক্ষেপ। ক্লাৱটোৰ সূত্ৰই জনোৱা মতে, অহা ১ জুলাই ২০১৭ ৰ পৰা ৩০ জুলাই ২০১৭ লৈকে অনুষ্ঠিত হ'ব এমাহ যোৰা বিনামূলীয়া মহিলা আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ।
এই আত্মৰক্ষা শিবিৰৰ মূখ্য উদেশ্য হৈছে নাৰীয়ে নিজৰ ৰক্ষা নিজে কৰিবৰ বাবে সাজু হৈ উঠা। শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিব সমৰ কলাবিদ হৃদয়ানন্দ দাসে। তদুপৰি কেবাজনো প্ৰশিক্ষকে এই শিবিৰত অংশ ল'ব।