সৰভোগঃ ৰাজ্যিক কমিউনিষ্ট পাৰ্টিৰ (ম) বৰপেটা জিলা সমিতিয়ে অহা ২৩ জুলাইত বৰপেটা ৰোডত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিব৷ বিপ্লৱৰ শতবাৰ্ষিকী উপলক্ষে জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰত অক্টোবৰ বিপ্লৱ নামেৰে জনাজাত বিশ্বৰ প্ৰথম ৰুছ দেশে ১৯১৭ চনত কমৰেড লেনিনৰ নেতৃত্বত মানুহৰ দ্বাৰা মানুহৰ শোষণৰ বিৰুদ্ধে সমাজতান্ত্ৰীক ব্যৱস্থা স্থাপন গঢ়াৰ যি আন্দোলৰ কৰিছিল সেই আন্দোলন সন্দৰ্ভত আলোচনা কৰা হব৷

সমগ্ৰ বিশ্বত এক আলোড়নৰ সৃষ্টি কৰা আৰু ইয়াৰ ফলত পৃথিৱীৰ বিভিন্ন পৰাধীন দেশৰ স্বাধীনতা আন্দোলনকাৰীয়ে অনুপ্ৰাণিত হৈছিল৷ বিভিন্ন দেশত কৃষক, শ্ৰমিক নিপীড়িত মানুহে সমাজতন্ত্ৰ গঢ়ি তোলাৰ আন্দোলন কৰিছিল লেনিনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৷ উক্ত বিষয় সমুহ আলোচনা কৰা হব আলোচনা চক্ৰত। আলোচনা চক্ৰ সঞ্চালনা কৰিব দলটোৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য মনোৰঞ্জন তালুকদাৰ আৰু আলোচক হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্তৰ লগতে দলটোৰ জ্যেষ্ঠ নেতা তথা ৪০নং সৰভোগ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস।