
গুৱাহাটীঃ ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীয় ভাষাই অসমীয়া ভাষাক মহীয়াণ কৰি ৰাখিছে৷ বড়ো, কাৰ্বি আদি ভাষাই অসমীয়া ভাষা চহকী কৰিছে৷ একো একোটা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক যোগাযোগৰ প্ৰধান মাধ্যম হ’ল নিজৰ আপোন ভাষাটো৷
ভাষাই প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত অনেক ধৰণৰ ৰূপ লয়৷ কথিত আৰু লিখিত ভাষাৰ মাধ্যমেৰে মানুহে কথ-বতৰা পাতে৷ তাৰ মাজতে কাৰ্বি লামমেট আমেইৰ খেৰণি শাখাই কাৰ্বি ভাষাৰ কথিত আৰু লিখিত সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে। খেৰণি কঁপিলী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাআলোচনা চক্ৰৰ ১২ নৱেম্বৰত সফল সামৰণি পৰে।
কাৰ্যসূচী অনুসৰি প্ৰথম দিনা তথা ১১ নৱেম্বৰত আবেলি ২ বজাত প্ৰতিনিধি নাম পঞ্জীয়ন কৰা হয়। তাৰপিছত আলোচনা চক্ৰ মুকলি কৰে পৰিষদৰ ৭ নং কঁপিলী সমষ্টিৰ গাঁৱ উন্নয়ন সমিতিৰ অধক্ষ্য হনসিং টেৰাঙে। দ্বিতীয় দিনা তথা দ্বিতীয় পৰ্যায়ৰ আলোচনা চক্ৰত মুখ্য অতিথি আসনত অলংকৃত কাৰ্বি লামমেট আমেইৰ কেন্দ্ৰীয় সমিতি সভাপতি সুৰেন ক্ৰামচাৰ লগতে মূখ্য বক্তা হিচাপে উপস্থিত থাকে কাৰ্বি লামমেট আমেইৰ প্ৰাক্তন সভাপতি খৰ ছিং টেৰণে।