
ছিপাঝাৰঃ ছিপাঝাৰত অন্ধবিশ্বাস সন্দৰ্ভত মঙলবাৰে এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷ ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম বিজ্ঞান সমিতিৰ ছিপাঝাৰ শাখাৰ উদ্যোগত অন্ধবিশ্বাস প্ৰগতিৰ অনুৰায় সন্দৰ্ভত আলোচনা চক্ৰ কেইবাগৰাকী বক্তাই অন্ধবিশ্বাসে মানুহক কোঙা কৰে বুলি কোৱাৰ লগতে অন্ধবিশ্বাস সমাজৰ বাবে বৰবিহ স্বৰূপ বুলি কয়।
দিনজোৰা কাৰ্য্যসূচীৰে ছিপাঝাৰৰ এিনিটি জুনিয়ৰ ছায়েন্স কলেজত অনুষ্ঠিত আলোচনা চক্ৰৰ অসম বিজ্ঞান সমিতিৰ পতাকা উত্তোলন, বৃক্ষ ৰোপনৰ পিছত আলোচনা চক্র অনুষ্ঠিত হয়। আলোচনা চক্র উদ্বোধন কৰে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ ৰফিকউদ্দিন আহমেদে।
অসম বিজ্ঞান সমিতিৰ ছিপাঝাৰ শাখাৰ সভাপতি অক্ষয় কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত আলোচক্ৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৰং জিলাৰ বিদ্যালয় সমূহৰ পৰিদর্শক নগেন চন্দ্ৰ বড়ো, আলোচক হিচাপে উপস্থিত থাকে চিকিৎসক তথা বিশিষ্ট লেখক ডাঃ ৰমাকান্ত বৰ, খাৰুপেটীয়া মহাবিদ্যালয়, ৰ সহযোগী অধ্যাপক দীপক কলিতাই৷