শিৱসাগৰঃ সামাজিক-স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত অাৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শিৱসাগৰ গ্ৰন্থ উৎসৱত শনিবাৰে এখন আলোচানা চক্ৰ অনুষ্ঠিত হয়৷ ডামচাও হেম বুঢ়াগোহাঞি সোঁৱৰণি মঞ্চত বিহু সুৰক্ষা সমিতিৰ শিৱসাগৰ সমিতিৰ উদ্যোগত বিশিষ্ট শিল্পী বলোৰাম বড়া সোঁৱৰণী "বিহু অসমৰ মান-বিহু অসমৰ প্ৰাণ" শীৰ্ষক বিষয়ৰ ওপৰত অালোচনা চক্ৰ অনুষ্ঠিত হয়।

বিহু সুৰক্ষা সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক ব্ৰজেন দাসে অাঁতধৰা অলোচনা চক্ৰত সঞ্চালক হিচাপে উপস্থিত থাকে বিশিষ্ট বিহু গৱেষক তথা বিহু সুৰক্ষা সমিতিৰ সভাপতি ডাঃ অমৰেন্দ্ৰ গগৈ। মুখ্য বক্তা ৰূপে বিহু সুৰক্ষা সমিতিৰ সম্পাদক প্ৰধান পবিত্ৰ মহন ফুকন, মুখ্য অালোচক ৰূপে কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা লোহিত গগৈ উপস্থিত থাকে। অালোচনা চক্ৰত উদ্বোধন কৰে বিশ্বজনিন দত্তই। ভটিয়াপাৰৰ ভাটীবনগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ছাত্ৰীৰ লগতে অাৰু নামতি উপাসনা চলিহাই নৃত্য প্ৰদৰ্শন কৰে।