বোকাজানঃ কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া শাসন কালত আধাৰশিলাৰ জোৱাৰেৰে চমক সৃষ্টি কৰিছিল৷ কংগ্ৰেছৰ মন্ত্ৰী-বিধায়ক কোনেও যেন পিছ পৰি থকা নাছিল সকলোৱে ইটোৰ-পিছত সিটো আধাৰশিলা স্থাপন কৰিছিল৷ আধাৰশিলাৰে ৰেকৰ্ড গঢ়া চৰকাৰক উফৰাবলৈ কঁকালত টঙালি বান্ধিছিল অগপ, বিজেপি আৰু বিপিএফ দলে৷ গঁড় হত্যা ৰোধ কৰাৰ পৰা আৰম্ভ কৰি, ৰঙা লাইট ব্যৱহাৰ নকৰা, যান জোঁটত সাধাৰণ লোকৰ সৈতে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ কনভয় ৰৈ দিয়া, ৰাজহুৱা খণ্ডৰ উদ্যোত পুনৰ কাৰ্যক্ষম কৰা, বাট-পথ নিৰ্মাণ কৰা, গঢ়িবক ঘৰ দিয়া আদি ঘোষণা কৰি চমক সৃষ্টি কৰিছিল৷

ইমানে নহয় সকলোতকৈ বেছি ঢোল বজাইছিল ছিণ্ডিকেট বন্ধ কৰাৰ কথা ঘোষণা কৰি৷ কয়লা, চুপাৰী, ট্ৰাক, পান, শিল-বালি আদিৰ ছিণ্ডিকেট বন্ধ কৰাৰ ঘোষণা কৰি চমকৰ চমকৰ পিছত চমক দিছিল৷ কিন্তু সকলো বিফল হোৱা বুলি অভিযোগ উত্থাপন হয়৷ আজিও চুপাৰী, কয়লা, শিল, বালি, পথৰ ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহ তথা ছিণ্ডিকেট আজিও চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়ে ঘোষণা কৰাত ব্যস্ত হৈ পৰিছিল বিজেপি চৰকাৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা তৰহৰ ঘোষণা কৰিছিল চৰকাৰ খনে৷ কিন্তু দুই বছৰ পাৰ হ’ল যদিও তেনে ঘোষণা সমূহ কাৰ্যকৰী কৰিবলৈ আহৰি নোপোৱা হ’ল ৰাজ্য চৰকাৰে৷

শেহতীয়াকৈ এনে ঘোষণাৰ বাবে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ চৰকাৰ গঠন কৰিয়েই চমক সৃষ্টি কৰা চৰকাৰ খনৰ বিৰুদ্ধে ছিণ্ডিকেটত অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে৷ চৰকাৰ গঠন কৰিয়েই ২০১৬ চনৰ ২৪ মাৰ্চৰ পূৰ্বে বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোটৰ চৰকাৰে চেক গেট, ছিণ্ডিকেটৰ বিৰুদ্ধে হুংকাৰ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছতেই মন্ত্ৰী পৰিষদৰ প্ৰথমখন বৈঠকতে অবৈধ সিদ্ধান্ত লৈ ঘোষণা কৰাৰ পিছতো ঘোষণা যেন ফোটোকাৰ ফেনত পৰিণত হৈছে৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত গঢ়ি উঠা ছিণ্ডিকেট ৰাজ আৰু অবৈধ চেক গেটৰ ধন সংগ্ৰহৰ প্ৰক্ৰিয়া যেন পুনৰ আৰম্ভ হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা আৰু কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাত৷

এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ৷ ধনশিৰি নৈৰ পাৰৰ বেলতলা-আলুবাৰীৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰৱেশ কৰ সংগ্ৰহ গেটত অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে৷ গেটখনত পৰিষদৰ নিৰ্ধাৰিত মাচুলতকৈ অত্যাধিক হাৰত অবৈধভাৱে প্ৰৱেশ মাচুল সংগ্ৰহ কৰি আহিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কাৰ্বি স্বায়ত্ব পৰিষদৰ প্ৰৱেশ মাচুল সংগ্ৰহ কৰা গেটত চিণ্ডিকেট গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি অবৈধ ধন সংগ্ৰহ বন্ধ কৰিবলৈ বোকাজান মহকুমাৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে৷

স্মাৰক পত্ৰত গোলাঘাট জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰি কয় যে,  বোকাজান হৈ অন্যস্থানলৈ আহ-যাহ কৰা বাণিজ্যিক যান-বাহন সমূহৰ পৰা দাবী ধমকিৰে চিণ্ডিকেটত অত্যাধিক হাৰত মাচুল সংগ্ৰহ কৰি ৪ চকীয়া প্ৰতিখন গাড়ীৰ পৰা ৫০ টকাৰ পৰা ২০০ টকালৈ আৰু ৬ চকীয়াৰ পৰা ৮,১০,১২ চকীয়া প্ৰতিখন গাড়ীৰ পৰা ১০০ৰ পৰা ৫০০ টকাকৈ ধন সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ শিল, বালি, চিমেন্ট কঢ়িওৱা প্ৰতিখন ডাম্পাৰ পৰা ২০০ টকা, ব্ৰয়লাৰ মুৰ্গী কঢ়িওৱা প্ৰতিখন গাড়ীৰ পৰা নুন্যতম ৪০০ টকাৰ পৰা ২০০০ টকালৈ সংগ্ৰহ কৰি আহিছে৷ মাচুল সংগ্ৰহৰ বিনিময়ত কোনোধৰণৰ ৰচিদ নিদিয়াৰ লগতে গেটত মাচুল সংগ্ৰহৰ কোনো নিৰিখ তালিকাও আঁৰি নৰখা বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰে৷ গোলাঘাটৰ একাংশ যুৱকে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ গাড়ী কিনি ব্যৱসায় কৰি সংস্থাপিত হোৱাৰ প্ৰয়াস কৰিছে৷

কিন্তু বোকাজান নাওঘাটৰ স্বায়ত্ব পৰিষদৰ এই গেটত প্ৰবেশ মাচুল সংগ্ৰহৰ নামত অবৈধ হাৰত ধন সংগ্ৰহে নিৱনুৱা যুৱকসকলৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী আৰু গাড়ী চালকসকলক বিপাঙত পেলাইছে৷ বোকাজান মহকুমা প্ৰশাসনৰ চকুৰ সন্মুখতেই ইমান মুক্তভাৱে অবৈধভাৱে চিণ্ডিকেট চলাই থকা কাৰ্য অতি আশ্চৰ্যজনক৷ টোলগেটতে ২০১১/২০১২ বৰ্ষত বোকাজান বজাৰলৈ শাক পাচলি, হাঁহ মুৰ্গী লৈ যোৱা প্ৰতিখন চাইকেলৰ পৰা ১০ টকাৰ পৰা ৫০ টকালৈকে সংগ্ৰহ কৰিছিল৷ সেই সময়ত গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰি ধনশিৰি মহকুমা প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ যৌথ আলোচনাৰ ভিত্তিত চাইকেল, ঠেলা আদিৰ পৰা মাচুল সংগ্ৰহ কৰা বন্ধ কৰাৰ লগতে ব্যৱসায়িক যান বাহন সমূহৰ পৰা পৰিষদৰ নিৰ্ধাৰিত হাৰত মাচুল সংগ্ৰহৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷

কিন্ত না খাউংগা না খানে ডুংগা শ্ল'গানেৰে দেশ তথা ৰাজ্যত শাসনৰ গাডী দখল কৰা বিজেপি শাসিত ৰাজ্য চৰকাৰখনে শূণ্য সহনশীলতাৰ কথা কৈ আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কিন্ত বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পোনা বৰা আৰু সম্পাদক বিদ্যুত মহন্তই কাৰ্বিআংলং স্বায়ত্ব পৰিষদৰ প্ৰৱেশ মাচুল সংগ্ৰহ গেটৰ অবৈধ ধন সংগ্ৰহ প্ৰক্ৰিয়াৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা, প্ৰৱেশ মাচুল সংগ্ৰহ গেটত যান-বাহনৰ মাচুল সংগ্ৰহৰ নিৰিখ তালিকা আঁৰি থোৱা, মাচুল সংগ্ৰহৰ বিনিময়ত ৰচিদ প্ৰদান বাধ্যতামুলক কৰা আদি দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰদান নকৰে বোকাজান মহকুমাৰ মহকুমাধিপতিক৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ মহকুমাধিপতিলৈও প্ৰতিলিপি প্ৰেৰণ কৰি গুৰুত্ব প্ৰদান কৰিবলৈ ২৪ ঘণ্টাৰ ভিতৰত অবৈধ ধন সংগ্ৰহ প্ৰক্ৰিয়া বন্ধ নকৰিলে অনাগত সময়ত গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ কৰিব বুলি হুংকাৰ প্ৰদান কৰে৷