
বৰপেটাঃ বৰপেটা জিলাৰ চেঙাৰ তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দেওবাৰে অগপৰ হৰিপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ হৰিপুৰ আঞ্চলিক সমিতিৰ সভাপতি হবিবৰ ৰহমান খানৰ সভাপতিত্বত অনুষ্ঠিত চেঙাৰ হৰিপুৰ পঞ্চায়ত অগপৰ কৰ্মীসভাত বৰপেটা সমষ্টিৰ অগপক বিধায়ক তথা জিলা অগপৰ সভাপতি গুণীন্দ্ৰ নাথ দাস উপস্থিত থাকি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে৷
১৫ বছৰীয়া শাসনত থাকিও এন আৰ চি নকৰিলে কংগ্ৰেছে বুলি কয় গুণীন্দ্ৰ দাসে। কেৱল ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি কৰাৰ বাবেই দলটোক উৎখাত কৰাৰ স্বাৰ্থত অগপই বিগত নিৰ্বাচনত বিজেপিৰে মিলি চৰকাৰ কৰিছিল। NRC, ডি ভোট আদি সমাধান কৰিব'লৈ আঞ্চলিক দল অগপৰ কোনো বিকল্প নাই।
অগপৰ কৰ্মী সভাখনত দলটোৰ কেন্দ্ৰীয় নেতা অমিয় কুমাৰ তালুকদাৰে সংখ্যালঘুসকলক ভীতিগ্ৰস্ত হৈছে বুলি কৈ হিন্দু-মুছলমানৰ নামত শংকৰ-আজানৰ শান্তিপূৰ্ণ বৃহত্তৰ অসমীয়া জাতিটোক কেন্দ্ৰ আৰু ৰাজ্যত থকা অপশক্তি বিজেপি চৰকাৰ দুখনে ভাঙি-ছিঙি চূৰ-মাৰ কৰিব বিচাৰিছে বুলি কয়। অপশক্তি স্বৰূপ বিজেপিৰ এই সাম্প্ৰদায়িক অপচেষ্টাক হিন্দু-মুছলমান উভয়ে মিলি প্ৰতিহত কৰিব লাগিব বুলিও কয় অমিয় কুমাৰ তালুকদাৰে।
অসমীয়া হিন্দু সমাজ আজি বিভাজিত। সংখ্যালঘু মুছলমানৰ নিৰাপত্তাৰ স্বাৰ্থত বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰিব'লৈ সংখ্যালঘুসকলে অগপক সমৰ্থন কৰিব লাগিব। উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লৈ নিজ জনগোষ্ঠীটোৰ নিৰাপত্তা সুনিশ্চিত কৰিব'লৈ সংখ্যালঘুৰ নতুন যুৱ প্ৰজন্মক আহ্বান কৰে কেন্দ্ৰীয় নেতাজনে। পঞ্চায়ত খনৰে বাসিন্দা ন-বিজেপি দুই সংখ্যালঘু মহাপ্ৰতাপী নেতা তথা প্ৰাক্তন বিধায়ক লিয়াকত আলী খান আৰু মুক্তাৰ হুছেইন খানৰ নাম উল্লেখ নকৰাকৈয়ে বিজেপিত সোমায়ে সংখ্যালঘু নেতা দুজনে বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মুখ বন্ধ কৰি থকাত তীব্ৰ সমালোচনা কৰে অগপৰ কেন্দ্ৰীয় নেতা তালুকদাৰে।
একেখিনি কথাকে অগপৰ সংখ্যালঘু কৰ্মীক উদ্দেশ্যি সজোৰে উপস্থাপন কৰে পঞ্চায়ত নিৰ্ব্বাচনৰ অগপৰ কেন্দ্ৰীয় পৰ্যবেক্ষক চৰণ ডেকাই। বৰপেটা জিলা অগপৰ উপ-সভাপতি ৰবিউল হুছেইনৰ তৎপৰতাত হৰিপুৰৰ প্ৰাক্তন পঞ্চায়ত সভাপতি আব্দুল মালেক কংগ্ৰেছৰ পৰা, এআই ইউ ডিএফ জিলা উপ-সভাপতি বাবুল স্বেখ আৰু কংগ্ৰেছ নেতা আমিনুল ইছলামকে ধৰি বহু কেইজন ভিন্ন দলৰ নেতাই আঞ্চলিক দলটোত যোগদান কৰে।
আকৌ নতুনকৈ যোগদান কৰা নেতাকেইজনৰ নেতৃত্বত প্ৰায় শতাধিক এআই ইউ ডি এফ ,কংগ্ৰেছ আৰু বিজেপিৰ নেতা কৰ্মীয়ে অগপ দলটোত যোগদান কৰি এশ শতাংশ সংখ্যালঘু পঞ্চায়ত খনত আকৌ আঞ্চলিক দলটোক শক্তিশালী কৰি তোলাৰ ৰণকৌশল লোৱা পৰিলক্ষিত হয়। ৰবিউল হুছেইনৰ নেতৃত্বত অগপৰ এই উত্থানে পঞ্চায়তখনৰ লগতে সমষ্টিত কংগ্ৰেছলৈ ভাবুকি কঢ়িয়াই বিকল্প শক্তি ৰূপে থিয় হৈছে অগপ।
পঞ্চায়ত খনৰ বাসিন্দা দুই মহা পৰাক্ৰমী সংখ্যালঘু নেতা প্ৰাক্তন বিধায়ক তথা ন-বিজেপি লিয়াকত আলী খান আৰু মুক্তাৰ হুছেইন খানলৈও ৰাজনৈতিক অশনি শংকেত কঢ়িয়াই আনিছে বুলি চৰ্চিত হৈছে। অগপৰ কৰ্মী সভাখনত দলটোৰ জিলা সম্পাদক ৰনজিৎ পাঠককে ধৰি বহু কেইজন জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতা উপস্থিত থাকে।