প্ৰতীক ফটো
প্ৰতীক ফটো

গুৱাহাটীঃ অসম এৰিবলৈ সাজু হৈছে একাংশ দক্ষ আই এ এছ বিষয়াই। সৰ্বানন্দ সোণোৱাল চৰকাৰে দুৰ্নীতি-অনিয়ম বিৰোধী অভিযান তুংগত তোলাৰ সময়তে এইসকল বিষয়াই কেন্দ্ৰীয় ডেপুটেচনত যোৱাৰ বাবে প্ৰস্তুতি একপ্ৰকাৰ সম্পূৰ্ণ কৰিছে।

ইতিমধ্যে কৰ্মচাৰী বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা প্ৰধান সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু সচিবালয় প্ৰশাসনৰ প্ৰধান সচিব টি কে তিৱাৰীয়ে কেন্দ্ৰীয় ডেপুটেচনত যোৱাটো নিশ্চিত হৈছে। আমোলাদ্বয়ে দুটা কেন্দ্ৰীয় মন্ত্ৰণালয়ত যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰিব।

বৰঠাকুৰ আৰু তিৱাৰীৰে পদাংক অনুসৰণ কৰি ৰাজ্য প্ৰশাসনৰ আন একাংশ শীৰ্ষ বিষয়ায়ো শীঘ্ৰে অসম এৰাৰ কথা। এনেদৰে কেন্দ্ৰীয় ডেপুটেচনত যাবলৈ সাজু হোৱা বিষয়াসকলৰ মাজত অধিক চৰ্চিত হৈছে ড০ ৰবি কোটাৰ নাম। সম্প্ৰতি বিত্ত বিভাগৰ প্ৰধান সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ড০ কোটাই তিনি বছৰ পূৰ্বেহে কেন্দ্ৰীয় ডেপুটেচনৰ পৰা উভতি আহিছিল।

অসম-মেঘালয় কেডাৰৰ বিষয়াজনে সম্প্ৰতি পুনৰ কেন্দ্ৰীয় ডেপুটেচন বিচৰাটোৱে সচিবালয়ৰ ভিতৰে-বাহিৰে ব্যাপক চৰ্চা লাভ কৰিছে। এই সম্পৰ্কত এক সূত্ৰই জনোৱা মতে, কেৱল ড০ কোটাই নহয়, অধিকাংশ দক্ষ আই এ এছ বিষয়াই সোণোৱাল চৰকাৰৰ কাম-কাজৰ ৰেহ-ৰূপ দেখিয়েই কেন্দ্ৰীয় ডেপুটেচনত যাবলৈ মনস্থ কৰিছে।

লক্ষণীয় যে সোণোৱাল চৰকাৰে শপত গ্ৰহণ কৰাৰ আগে-পাছে কেইবাগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়াই অসম ত্যাগ কৰি কেন্দ্ৰীয় ডেপুটেচনত যায়। এইসকল বিষয়াৰ অন্যতম জিষ্ণু বৰুৱাই সম্প্ৰতি কেন্দ্ৰীয় কৰ্মচাৰী মন্ত্ৰণালয়ত কাৰ্যনিৰ্বাহ কৰি আছে। একেদৰে ভাস্কৰজ্যোতি মহন্তকে ধৰি অসম-মেঘালয় কেডাৰৰ একাংশ শীৰ্ষ আৰক্ষী বিষয়ায়ো সম্প্ৰতি কেন্দ্ৰীয় ডেপুটেচনত কাৰ্যনিৰ্বাহ কৰি আছে।