Image from Facebook
Image from Facebook

মৰিগাঁওঃ ৰাজপথত দৌৰা সেইবোৰ ট্ৰাক নহয় এতিয়া যেন সেইবোৰ দৈত্য হে৷ দুদিন পুৰ্বে গুৱাহাটী মহানগৰীত ৰীমা শৰ্মা নামৰ প্ৰাগ নিউজৰ সাংবাদিকগৰাকীৰ ট্ৰাকে প্ৰাণ লোৱাৰ পাছত আজি পুনৰ ৰাজ্যৰ এগৰাকী সাংবাদিকৰ প্ৰাণ ললে দৈত্য ট্ৰাকে৷

গুৰু গোঁসাই নমনা চালকে নিজ ইচ্ছামতে গাড়ী চলাই মানুহৰ জীৱনক তুচ্ছজ্ঞান কৰি মহতিয়াই থৈ যায় ৰাজপথত৷ দৈত্য ট্ৰাকসমূহক নাকী লগাবলৈ এতিয়া ৰাজ্যত কোনো নাই৷

আজি মৰিগাঁৱৰ জাতীয় জীৱনৰ সৈতে জড়িত সমাজকৰ্মী, সাংবাদিক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী খগেন কলিতাক মৰিগাঁও চহৰৰ মাজমজিয়াত আৰক্ষীৰ ট্ৰাকে মটৰ চাইকেল সহিতে মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয়৷

৫৪ বছৰীয়া সাংবাদিক তথা সমাজকৰ্মীগৰাকীয়ে বিয়লি কৰ্মস্থলীৰ পৰা আহি থকা অৱস্থাত মৰিগাঁও চহৰৰ শিৱ মন্দিৰৰ ওচৰত ট্ৰাকে মহতিয়াই নিয়ে৷

ততাতৈয়াকৈ একাংশ লোকে সাংবাদিকগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ সাংবাদিকগৰাকীৰ মৃত্যুত সমগ্ৰ মৰিগাঁৱতে শোকৰ ছাঁ পৰিছে৷ 

মৃত্যুৰ সময়ত পত্নী, দুই কন্যা, এটি পুত্ৰ সন্তানক এৰি যায় কলিতাই৷ মৰেণোত্তেৰ পৰীক্ষাৰ অন্তত একাধিক দল-সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে কলিতাক৷ ২৫ বছৰ ধৰি সাংবাদিকতা কৰি অহা কলিতাই মৰিগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল কলিতা৷