15
Sep
2017

বাহাকাবাৰীঃ নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত শুক্ৰবাৰে কামপুৰৰ বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক এক সজাগতা শিবিৰ অনুষ্ঠিত হয়।
স্বাস্থ্যৰ উন্নতিৰ বাবে বানপানীৰ পিছত কৰিবলগীয়া বিভিন্ন সজাগতামূলক কাৰ্যৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেদৰে নিদক ৰক্ষা কৰিব পাৰি সেই বিষয়ত এই সজাগতা শিবিৰ অনুষ্ঠিত হয়। পুৱাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক লৈ এক সজাগতা সমদল উলিয়াই আৰু সজাগতা সভা অনুষ্ঠিত হোৱাৰ লগতে দিন জোৰা কাৰ্যসূচীৰে প্ৰাকৃতিক দুৰ্যোগক বিষয় হিচাপে লৈ কুইজ, চিত্ৰাংকণ, তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰে।
দিনটোৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলাৰ সমল বিষয়া পুষ্পেন্দ্ৰ কুমাৰ নাথ আৰু ৰহা ৰাজহ চক্ৰৰ পৰ্যবেক্ষক ৰূপন হাজৰিকা৷