ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰে যোৱা ০১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় অন্তিমখন বাজেট উত্থাপন কৰে৷ প্ৰতিশ্ৰুতিৰ বিপৰীতে বাস্তৱ ক্ষেত্ৰত অতি শামুকীয়া গতিৰে উন্নয়নৰ কামত আগবঢ়া বুলি অভিযোগ উত্থাপন হৈ অহা বিজেপি চৰকাৰে দাখিল কৰা অন্তিমখন বাজেটে পুনৰ শ্ৰমিক গোষ্ঠীক বিমুখ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷

সাধাৰণ লোকে লাভৱান হ’ব পৰাকৈ কোনো ধৰণৰ ঋণ প্ৰদানৰ ব্যৱস্থা নাই বুলি সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে বিভিন্ন কৃষক সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ইয়াৰোপৰি বাজেট দাখিলৰ পাছতেই শ্বেয়াৰ বজাৰ নিম্নগামী হয়৷

বিজেপি নেতৃত্বাধীন মোডী চৰকাৰৰ বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ১ ফেব্ৰুৱাৰীত অন্তিমখন বাজেট উত্থাপন কৰে৷ বাজেট দাখিলৰ পূৰ্বে শ্বেয়াৰ বজাৰৰ ছেনচেক্স ৮০০ পইণ্টলৈ নিম্নগামী হৈছিল৷ সোমবাৰেও এই শ্বেয়াৰ বজাৰ পুৱাৰে পৰা অধিক নিম্নগামী হৈ পৰে৷ সোমবাৰে পুৱা ছেনচেক্স ৩৫ হাজাৰৰ তললৈ নামি গৈ লাহে লাহে আৰু অধিক নিম্নগামী হৈ পৰে৷ নিফটিৰ ক্ষেত্ৰটো নিম্নগামী হোৱা পৰিলক্ষিত হয়৷