বোকাজানঃ পাহাৰীয়া ৰাজ্য গঠনৰ দাবীত দিল্লী অভিমুখে ৰাওনা হৈছে ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীয় সংগঠন৷ বিগত কেইবাবছৰ ধৰি সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম কৰি অহা জনগোষ্ঠীয় সংগঠন কেইটাই সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি থকাৰ মাজতে দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷

অসমৰ দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাক স্বায়ত্ব শাসিত ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত জিলা দুখনৰ কেইবাটাও আঞ্চলিক দল, ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ লগতে সাধাৰণ ৰাইজে বিগত কেইবা বছৰ ধৰি অবিৰতভাবে আন্দোলন কৰি আহিছে যদিও এই দাবীক কেন্দ্ৰীয় চৰকাৰে আজিকোপতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷

সংবিধান প্ৰদত্ত এই দাবীক লৈ অব্যাহত থকা আন্দোলনৰ অংশ ৰূপে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি, কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি ৰিছ' আদৌৰবাৰ, কাৰ্বি নিবনুৱা যুৱ সন্থা, কেএআৰএছএ আদি সংগঠনে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) সন্দৰ্ভত আলোচনা কৰি দুয়োখন জিলাক পাৰ্বত্য স্বায়ত্ব শাসিত ৰাজ্য হিচাপে ঘোষণা কৰি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনোৱাৰ উদ্দেশ্যে দিল্লীৰ যন্তৰ-মন্তৰত ২৪ জুলাইত ধৰ্ণা ও সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব৷

সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনতে অনুচ্ছেদ ২৪৪ (ক) গৃহীত কৰাৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চাপ বৃদ্ধিৰ লক্ষ্যৰে দুয়োখন পাহাৰীয়া জিলাৰ পৰা উক্ত ৫টা সংগঠনৰ সহস্ৰাধিক কৰ্মী দিল্লীলৈ ৰাওনা হ'ব বুলি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতিৰ সম্পাদক চিং টিমুঙে জানিবলৈ দিছে৷