কাৰ্বি আংলংঃ বোকাজান নগৰৰ সাত নং ৱাৰ্ডৰ কুহিয়াৰবাৰী-ৰংকিমি গাৱঁ হৈ যোৱা পথচোৱাৰ কদৰ্য ৰূপৰ বাবে চৰম যন্ত্ৰণাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে অঞ্চলবাসীয়ে৷ 

প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱাত বাৰিষা এজাক বৰষুণতে একাঁঠু পৰ্যন্ত বোকাময় হৈ পৰাৰ বাবেই অঞ্চলটোত থকা তিনিখনকৈ গাঁৱৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা দৈনন্দিন বিভিন্ন কামৰ বাবে অহা-যোৱা কৰিবলগীয়া হোৱা সকলে যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে৷ 

তদুপৰি এই শোচনীয় পথছোৱাৰ বাবেই জৰুৰীকালীন সেৱা ১০৮ কে ধৰি আন যান-বাহনসমূহো অহা-যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে৷ 

বোকাজান নগৰৰ সাত নং ৱাৰ্ডৰ এই কদৰ্য পথছোৱাৰ বা-বাতৰি সংবাদ মাধ্যমত বহুবাৰ প্ৰচাৰিত হ'ল৷ আনকি জুনৰ ১২ তাৰিখে ৰংকিমি গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে কঠীয়া আনি উক্ত বিধস্ত পথৰ ওপৰতেই ভূই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ 

তথাপিও ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ নললে প্ৰশাসনে। বাট-পথৰ সমস্যা সমাধানৰ বাবে বোকাজান নগৰৰ সাত নং ৱাৰ্ডৰ ভুক্তভোগী ৰাইজে চৰকাৰলৈ অদ্যপি আশা পালি ৰৈছে।