26
Apr
2017

দক্ষিণ শালমাৰাঃ ১৪ বছৰীয়া কিশোৰীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ অভিযোগ উত্থাপিত হৈছে এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উত্তৰ পিপুলবাৰী গাঁৱৰ পূৰ্ণীজান খাতুন নামৰ কিশোৰীগৰাকী তিনি বছৰ ধৰি ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত বোচাইমাৰী গাঁৱৰ আলেকচান্দ নামৰ শিক্ষক এজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে ৰাখে।
কিশোৰীগৰাকীয়ে শিক্ষকজনৰ ঘৰত থকাৰ পিছৰে পৰা তেওঁক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰে। কালি কিশোৰী গৰাকীক উক্ত শিক্ষক জনে কিশোৰী গৰাকীৰ ঘৰত থৈ যোৱাৰ পাছত আজি কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সম্পৰ্কত আৰক্ষীক এজাহাৰ দাখিল কৰে।