গুৱাহাটীঃ পৃথিৱী বিখ্যাত অক্টোবৰ বিপ্লৱৰ শতবর্ষ উদযাপনৰ সৈতে সংগতি ৰাখি দেওবাৰে গুৱাহাটী মহানগৰীৰ বিএছএনল মুখ্য কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা৷ "ভাৰতবৰ্ষৰ অৰ্থনৈতিক আৰু সামাজিক বৈষম্য দূৰ কৰাৰ একমাত্ৰ পথ সমাজতন্ত্ৰ" শীৰ্ষক বিষয়ৰ ওপৰত ভাৰতীয় ছাত্র সন্মিলনী চমুকৈ এছএফএইৰ উদ্যোগত অনুষ্ঠিত হয় তৰ্ক প্ৰতিযোগিতা।

বি.বৰুৱা মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱী ড০ দীনেশ বৈশ্যৰ অধ্যক্ষতাত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত বিচাৰক হিচাপ উপস্থিত থাকে গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা  বিদুলা শৰ্মা আৰু পুঠিমাৰী মহাবিদ্যালয় অধ্যাপক দ্বিজেন বৰ্মন। অসমৰ বিভিন্ন প্ৰান্তৰ ২০খনতকৈও অধিক মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে তৰ্ক প্ৰতিযোগিতাত৷

শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অন্বেষা সাহা আৰু শ্বনাম ফিৰোজে, দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে শ্বাহ আলম আৰু হিমাংশু চক্ৰৱৰ্তীয়ে প্ৰতিনিধিত্ব কৰা নলবাৰী সংস্কৃত মহাবিদ্যালয়ে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে অসম বিশ্ববিদ্যালয় শিলচৰৰ পাৰভিজ আলম লস্কৰে। বিজয়ী প্ৰতিযোগী সকলক অহা ৭ নৱেম্বৰত গুৱাহাটীস্থিত জিলা পুথিভঁৰালত পুৰস্কাৰ সমূহ প্ৰদান কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।