সৰভোগঃ ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ বৰপেটা জিলা সমিতিৰ অধিবেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে সৰভোগত অনুষ্ঠিত হয়৷ আজি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰা হয়৷

ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰাত অংশ লৈ ২৫ লাখ নিবনুবাক সংস্থাপন দিয়ক, ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ কৰা, জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে অসমীয়া মাধ্যম ধংস কৰা ষড়যন্ত্ৰ বন্ধ কৰা, প্ৰত্যক শিক্ষানুষ্ঠানতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়া, শিক্ষক অপমান কৰা শিক্ষা মন্ত্ৰী হুচিয়াৰ আদি শ্ল’গানেৰ সৰভোগ নগৰৰ ৰাজপথ কপাই তোলে৷ শোভযাত্ৰাই সৰভোগ নগৰ পৰিভ্ৰমণ কৰে।

দুপৰীয়া অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি সংগঠনটোৰ ৰাজ্যিক সমিতিৰ সম্পাদক নিৰংকুশ নাথে এবিআমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলাম আহমেদক গুপ্ত নহয় মুক্ত হত্যা কৰিলে বুলি অভিযোগ কৰে৷ দিন দুপৰতে হত্যা কৰা সহজ কথা নহয় বুলি কৈ নেতাগৰাকীয়ে হত্যা কৰি পলায় যোৱাটো আচৰিত বুলি কয়৷

আমি এতিয়া নিজৰ বাক স্বাধীনতাৰ কাৰণে যুজিব লাগিব৷ এছ এফ আইয়ে কেতিয়াও ৰাজনীতি কৰা নাই, কেবল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সংগ্ৰাম চলাই গৈছে৷ পেপচি কোকাকোলাৰ মালিক এগৰাকী মহিলা৷ এই মহিলা গৰাকী এতিয়া বিশ্বই চিনি পায়৷

ঠিক তেনেদৰ যোৰহাট শুভলক্ষ্মীয়ে নিজৰ লগত হোৱা ঘটনাটোৰ প্ৰতিবাদ কৰি অশেষ শুভলক্ষ্মীৰ জন্ম দিলে বুলি কয় নাথে৷ বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীয়ে একো কৰিব নোৱাৰে বুলি কটুক্তি কৰি আমি যি শিক্ষকৰ পৰা শিক্ষা লাভ কৰি সমাজত প্ৰতিষ্ঠা হোৱা বুলি কৈ সেই শিক্ষকক শিক্ষা মন্ত্ৰীয়ে অপমান কৰা বুলি কয়৷

অসমৰ শিক্ষা মন্ত্ৰী গৰাকী আচলতে এগৰাকী বহু বল্কী মন্ত্ৰী, কেবল ঘোষনাহে কৰে, সকলোতকৈ আচৰিত বিষয় যে আৰ্দশ বিদ্যালয়ত শিক্ষকৰ কাম কৰিব লাগিলে ইংৰাজী মাধ্যমত পঢ়া হব লাগিব,এছ এফ আই জন্মলগ্নৰ পৰাই শৈক্ষিক সমস্যাৰ ওপৰত মাত মাতি আহিছে আৰু ভৱিষ্যতলৈ থাকিব।  

মুকলি সভাত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামাৰগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰনগৰ মহাবিদ্যালয়, জি এল চি মহাবিদ্যালয়, পশ্চিম বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়, দীননাথ হাইস্কুলৰ লগতে বৃহত্তৰ বৰনগৰ অঞ্চলৰ প্ৰায় ভাগ শিক্ষানুষ্ঠান পৰা প্ৰায় ৩,০০০ হাজাৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

সভাত সংগঠনটোৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী, বৰপেটা জিলা সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য হৰ্ষজিৎ দাস, শুভাশিষ বিশ্বাস, সুমন দেৱ নাথ, ৰৱিউল আহমেদ, মালিক আহমেদ, ৰাজ্যিক সদস্য অনিৰ্বান নাথ প্ৰমুখ্য বহু নেতা-কৰ্মী উপস্থিত থাকে৷