
নগাঁওঃ জি আই টিয়ে এইবেলি চম্পাৱতী বঁটা প্ৰদান কৰিব বিশিষ্ট গৱেষক, পণ্ডিত, সাহিত্যিক ড০ দয়ানন্দ পাঠকক৷ তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা প্ৰতিবছৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত সত্ৰানুষ্ঠান ফুলবাৰী সত্ৰই পৰিচালনা কৰা অভিযান্ত্ৰিক শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান জি আই টিয়ে প্ৰদান কৰি আহিছে৷
ফুলবাৰী সত্ৰৰ সহযোগত বিগত সাতটা বছৰে এই বঁটা প্ৰদান কৰি আহিছে এই বঁটা৷ ইতিমধ্যে নিৰ্বাচক মণ্ডলীয়ে ড০ দয়ানন্দ পাঠকৰ নাম এক সভাৰ জৰিয়তে এই বঁটাৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ অহা ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড০ পাঠকক আনুষ্ঠানিকভাৱে এই বঁটাৰে সন্মানিত কৰা হ’ব৷
উল্লেখ্য, অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়াই অহা এই বঁটা ইয়াৰ পূৰ্বে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ শ্ৰীনাথ বৰুৱা, ড০ কুলেন্দু পাঠক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা, সক্ৰীয় ৰাজহুৱা কৰ্মী দেবেন দত্তক প্ৰদান কৰা হৈছে৷