
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়েকৰ জৰিয়তে হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি আদৰিবলৈ লোৱা নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসম জঁকি উঠাৰ সময়ত এই গণ আন্দোলনক মষিমুৰ কৰাৰ কৌশল ৰচনা কৰিছে শাসকীয় দলটোৱে৷
বাৰে-বাৰে দিল্লীৰ হাতত প্ৰতাৰিত হোৱা অসমীয়াই জাতিটোক ৰক্ষা কৰিবলৈ চৰম গণতান্ত্ৰিক পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে৷
অসমবাসীৰ মতামত তথা বিৰোধীৰ সংশোধনী প্ৰস্তাৱ একপক্ষেভাৱে অগ্ৰাহ্য কৰি, আনকি বিৰোধী সদস্যৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিপক্ষে থকা মতামতো চূড়ান্ত প্ৰতিবেদনত সংযোজন নকৰি ইয়াক সংসদত দাখিল কৰা হয়৷
বি জি পিৰ এনে চৈৰাচাৰী কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ অসমতে আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এশটাতকৈও অধিক দল-সংগঠনে যি আন্দোলন চলাইছে সেই আন্দোলন মষিমুৰ কৰিবলৈ ব্লু-প্ৰিন্ট সাজু কৰিছে শাসকীয় দলটোৱে৷ ইয়াৰ প্ৰথম প্ৰকাশ ঘটিছে গেৰুৱা দলটোৰ বহুবল্কী তথা বিতৰ্কিত নেতা শিলাদিত্য দেৱৰ ভাষ্যত৷
সাংবাদিকৰ সৈতে বাৰ্তালাপত বিতৰ্কিত নেতাজনে বহুদিন মৌন হৈ থকাৰ অন্তত সোমবাৰে কয় যে অসমৰ জনতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰা আন্দোলনৰ আঁৰত আছে বাংলাদেশৰ মুছলমান টকা আৰু ইয়াৰদ্বাৰা পৰিচালিত হৈ সোমবাৰে দিল্লীত জাতীয় সংগঠনে উলংগ প্ৰতিবাদ কৰিলে৷
একমাত্ৰ সাম্প্ৰদায়িক দৃষ্টি নিক্ষেপ কৰিব জনা এই নেতাজনে অসমৰ এই জাতীয় আন্দোলনটোকো সাম্প্ৰদায়িক তথা ৰাষ্ট্ৰ বিৰোধী শক্তিৰ উচতনিত হোৱা বুলি কৈ অসমীয়াৰ আবেগ-অনুভূতিক ভৰিৰে মোহৰা পৰিলক্ষিত হ’ল৷
বিধায়ক শিলাদিত্য দেৱৰ এনে ভাষ্যই ইংগিত দিছে যে আছু আৰু কৃষক মুক্তিৰ নেতৃত্বত চলা এই আন্দোলনক মষিমুৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ব্লু-প্ৰিন্ট ৰচনা কৰি প্ৰথম পদক্ষেপত জাতীয় আন্দোলনটোক সাম্প্ৰদায়িক ৰূপ দিবলৈ অপচেষ্টা কৰিছে৷