চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ কাছখাইটিত ছাইফুল ইছলাম নামৰ এজন যুৱক এজনক নিজ ঘৰৰ সমীপতে গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

দেওবাৰে নিশা সংঘটিত গুলী চালনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আতংকই বিৰাজ কৰিছে৷ গুৰুতৰভাবে আহত ছাইফুল ইছলাম নামৰ এজন যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়াল তথা ওচৰ চুবুৰীয়াই৷ জানিব পৰা মতে, কাছখাইটিৰ ব্যৱসায়ী ছাইফুল ইছলামে সন্ধিয়া নিজ ঘৰৰ পৰা কিছু নিলগলৈ ওলাই গৈছিল৷

ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কেইজনমান লোকে তেওঁক পিছ লয়৷ কিছু দূৰ যোৱাৰ পিছতেই পিছ লোৱা লোক কেইজনে ছাইফুলক লক্ষ্য কৰি নিচেই ওচৰৰ পৰা গুলীচালনা কৰে৷ ছাইফুলৰ বুকুত গুলী লাগি মাটিত ঢলি পৰে৷ গুলীৰ শব্দ শুনি মানুহ আতংকিত হৈ ঘৰৰ পৰা কিছু সময় ওলোৱা নাছিল যদিও চিঞৰ-বাখৰ শুনি মানুহ ওলাই আহি ছাইফুলক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে৷

আনহাতে ছাইফুলে গুলী চালনা কৰা ঘটনাৰ সৈতে জড়িত কাছখাইটিৰে দুজনক চিনাক্ত কৰে। ধনৰ লেন-দেনৰ বাবেই গুলীচালনা কৰা বুলি সন্দেহ কৰে ৰাইজে৷ পূৰ্বৰে পৰা মাটি-বাৰী সংক্ৰান্তত দুটা পক্ষৰ মাজতে গুলী চালনাৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে গুলীচালনাৰ সৈতে জড়িত পলাতক দুই মূল অভিযুক্ত জনৈক আজিজুল আৰু নাজিৰুলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷

ৰূপহীহাট আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষীৰ সুত্ৰৰ পৰা জানিব পৰা গৈছে৷ ইফালে, গুৰুতৰভাৱে আহত ছাইফুলক কাৱৈমাৰি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷