
ৰঙিয়াঃ ৰঙিয়া চহৰত আজি অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ চহৰ খনৰ ব্যস্ত ভুটান বাছস্থানত দিন দুপৰতে অগ্নিকাণ্ড সংঘটিত হোৱাত হুৱাদুৱা লাগে৷ যিয়ে যেনেকৈ পাৰে জুই নুমুৱাব চেষ্টা কৰে যদিও চহৰখনৰ মাজ মজিয়াত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ কেইবালাখ টকাৰ সম্পত্তি জুইত জাহ যায়৷
ৰঙিয়া-ভূটান ৰোডৰ বাছ ষ্টেণ্ডৰ সমীপৰ ভয়ংকৰ অগ্নি কাণ্ডত কেইবাখনো দোকান ভস্মীভুত হয়৷ এখন ফাষ্ট ফুডৰ হোটেলৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত হৈ মূহুৰ্ততে কেইবাখনো দোকান জুয়ে আগুৰি ধৰে৷ স্থানীয় লোক তথা অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত বহু দোকান ৰক্ষা পৰে যদিও তিনিখন দোকান আৰু চাৰিটা গুডাম ঘৰ আৰু আৱাস গৃহ সম্পুৰ্ণ ৰূপে ভস্মীভূত হয়।
কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমাবলৈ চেষ্টা কৰে যদিও দোকান কেইখনৰ লগতে গুডাম ঘৰ আৰু আৱাস গৃহ কেইটা ভস্মীভূত হয়। জানিব পৰা মতে, অগ্নি কাণ্ডটোৰ ফলত কমল বনীয়াৰ হোটেল, কিশোৰ বনীয়াৰ ষ্টেছনাৰী আৰু পান তামোলৰ দোকান, ধ্রুৱ কলিতাৰ ষ্টেছনাৰী আৰু পান তামোলৰ দোকান, নয়ন মহন্তৰ হাৰ্ডৱেৰ আৰু গুডাম ঘৰ, শংকৰ চাহাৰ গৃহ আৰু বস্তাৰ দোকানৰ লগতে ৰামদল চাহাৰ দুটা বস্তাৰ গুডাম ভস্মীভূত হয়। অগ্নিকাণ্ডত প্ৰায় ৫০ লাখ টকাৰ ক্ষয়-ক্ষতি হয়।