শিৱসাগৰঃপূৰ্বৰ কংগ্ৰেছ চৰকাৰে শিশুক চৰকাৰী বিদ্যালয়লৈ আহিবৰ বাবে আকৰ্ষিত কৰাৰ স্বাৰ্থত আৰম্ভ কৰিছিল মধ্যাহ্ন ভোজন আঁচনি৷ কিন্তু এই আচঁনিখন পিছৰ পৰ্যায়ত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। ফলত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে আঁচনি খনৰ অধিনৰ ৰান্ধনীসকলে।

মধ্যাহ্ন ভোজন আচঁনি সন্থাই কৰ্মী-সহায়িকাৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মিয়া কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে৷ তাৰে মাজতে অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰ ফাউণ্ডেছন নামৰ এটা বে-চৰকাৰী সন্থাৰ হাতত গতাবলৈ যোজা চলোৱাত তীব্ৰ বিৰোধিতা কৰে সদৌ অসম মধ্যাহ্ন ভোজন সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে৷

শনিবাৰে শিৱসাগৰৰ ৰাজ পথত তীব্ৰ প্ৰতিবাদ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি  সিদ্ধান্ত বাতিলৰ দাবী জনায় মুখ্যমন্ত্ৰী সোণোৱালক। অধিক পৰিশ্ৰমৰ বাবদ মাহে মাত্ৰ এক হাজাৰ টকাৰ এক নুন্যতম মজুৰি লাভ কৰি আহিছে বুলি কয় প্ৰতিবাদকাৰীসকলে। ইতিমধ্যে দৰমহা বৃদ্ধিৰ দাবীত আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে গুৰুত্ব দিয়া নাই বুলি কয়৷ শিৱসাগৰৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি মজুৰি বৃদ্ধি আৰু চাকৰি নিয়মীয়া কৰাৰ দাবী জনায়।