
ডিজিটেল ডেস্কঃ শত্ৰু ৰাষ্ট্ৰৰ ভাবুকিৰ সময়ত বিবাদত লিপ্ত হৈছে দেশৰ অাভ্যন্তৰীণ ৰাজনৈতিক নেতৃ্ত্ব। সীমাৰেখা অতিক্ৰম কৰি চীনা সৈন্য ক্ৰমশঃ আগবাঢ়ি অহাৰ পৰত স্পষ্ট হৈ পৰিছে অান্তঃদেশীয় কন্দলৰ জটিল ৰূপ।
শত্ৰু ৰাষ্ট্ৰই একপ্ৰকাৰ ছল পাইছে ভাৰতীয় ৰাজনীতিৰ বিভাজিত ৰূপৰ বাবে। সীমান্ত পাৰ হৈ ভাৰতীয় ভূমিত চীনৰ সৈন্যই শক্তি প্ৰদৰ্শন কৰাৰ সময়তে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে।
কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজত যে তেওঁ ক্ষুণ্ণ সেয়াও একপ্ৰকাৰ প্ৰকাশ কৰিছে। চামলিঙৰ মতে বংগ আৰু চীনৰ মাজৰ চেণ্ডউইছ হ'বলৈ ভাৰতৰ সৈতে চামিল হোৱা নাছিল ছিকিমবাসীয়ে। তেওঁ আৰু কয় যে যোৱা ৩০ বছৰত দাৰ্জিলিঙত চলা প্ৰতিবাদৰ বাবে ছিকিমৰ ৬০ হাজাৰ কোটি টকাতকৈয়ো অধিক পৰিমাণৰ ক্ষতি হৈছে।
আনহাতে পৃথক গোৰ্খালেণ্ডৰ দাবীত অব্যাহত আন্দোলনেও কোঙা কৰিছে ছিকিমৰ অৰ্থনীতি। বিগত ২৫ দিনজোৰা আন্দোলনৰ বাবে ৰাজ্যখনৰ ক্ষতি বৃদ্ধি হৈছে। যাৰ বাবে সু-মীমাংসাৰ দাবীৰে পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ তৰিবলৈ ওলাইছে ছিকিম চৰকাৰ।
উল্লেখ্য যে ১৯৭৫ চনত স্ব-ইচ্ছাই স্বাধীনতা বিসৰ্জন দি ভাৰতৰ সৈতে চামিল হৈছিল ছিকিম। তৎসত্বেও ভাৰত চৰকাৰে আজিলৈকে পৰ্যাপ্ত গুৰুত্ব দিয়া নাই বুলিও নামচিত এখন সভাত অভিযোগ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
"নাথু লা সীমান্তত যুদ্ধৰ দামামা বাজিছে। ই আমাক শংকিত কৰি তুলিছে। আনফালে শিলিগুৰিত আমাৰ মানুহক অত্যাচাৰ কৰা হৈছে। ইয়ালৈ বয়-বস্তু আনিবলৈ যোৱা লোকক বাধা দি ৰাখিছে। আহিবলৈ দিয়া হোৱা নাই পৰ্যটক। এনেকৈ হ'লে আমি ভাৰতৰ সৈতে চামিল হোৱাৰ লাভ কি হ'ল?"- চামলিঙে কয়।
চামলিঙৰ এনে অসন্তুষ্টিৰ মাজতে চীনে ছিকিমক সাৰ্বভৌম ৰাষ্ট্ৰ হ'বলৈ আহ্বান জনাইছে। ছিকিমৰ জনতাই স্বাধীনতা বিচাৰে বুলি দাবী কৰি এই ক্ষেত্ৰত চীনে তেওঁলোকক সহায় কৰিব বুলিও মুকলিকৈ ঘোষণা কৰিছে। ছিকিমৰ দৰে ভাৰতে ভূটানকো নিজৰ অধীনলৈ নিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ তুলিছে চীনে।