গুৱাহাটীঃ চিলাপথাৰ কাণ্ডৰ তৃতীয় সংস্কৰণৰ বিৰুদ্ধে জাগিছে ৰাজ্যৰ সাধাৰণ ৰাইজ৷ চিলাপথাৰ কাণ্ডৰ ছেকেণ্ড পাৰ্ট আছিল নগাঁও কাণ্ড৷ আৰু থাৰ্ট পাৰ্ট সংঘটিত কৰিলে গামোচা জ্বলাই নগাঁৱৰ জুৰীয়াত৷ গামোচা জ্বলোৱা কাৰ্য অসমীয়াৰ স্বাভিমানত আঘাত হনা বুলি চৰ্চা হোৱাত পুনৰ তেজ গৰম হৈছে থলুৱা অসমীয়াৰ৷

দল-সংগঠনে পুনৰ ৰাজ পথলৈ ওলাই আহি জুৰীয়াৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ উত্তাল কৰি তুলিছে সমগ্ৰ ৰাজ্য৷ একাংশ লোকে ৰাজ্যত ক্ৰমান্বয়ে এটি জাতীয়তাবাদ বিৰোধি চক্ৰই শ্বহিদবেদী, সুধাকন্ঠৰ প্ৰতিচ্ছবি দলিওৱাৰ লগতে গামোচা জ্বলাই অসমত দপদপনি বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি কয়৷

হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত সুবিধাজনক স্থিতিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি ছহিদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ ছবি দলিয়াই দিয়াৰ লগতে মটৰচাইকেল ভাঙি চুৰমাৰ কৰিছিল ধেমাজি জিলাৰ চিলা পথাৰত। যোৱা মে’ মাহৰ এই ঘটনাক অসমীয়াই আজিও পাহৰিব পৰা নাই৷

ধেমাজি জিলাৰ চিলাপথাৰত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমিতিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, হিন্দু বাংলাদেশীক ক্ষমতা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, বিদেশীৰ নামত হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, ডিটেনশ্যন কেম্পত আৱদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়াকে আদি কৰি একাধিক দাবীৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাৰ অন্তত সংগঠনটোৱে এটি সমদল উলিয়ায়।

সমদল কৰি গৈ থাকোতে চিলাপথাৰ চ'ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল। দল-সংগঠন ৰাজ পথলৈ ওলাই আহে৷ সেই ঘটনাই তিনি মাহ পাৰ হৈ যোৱাৰ পাছত পুনৰ একাংশ সন্দেহজনক লোকে নগাঁৱত আক্ৰমণ কৰিলে থলুৱাক৷ নগাঁৱত আক্ৰমণ কৰে প্ৰাক্তন আলফাৰ এটি দলক৷ বান সাহায্য বিছাৰি যোৱা প্ৰাক্তন আলফাক ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল কৰি হয় ৰাজ্য৷

ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷ প্ৰথমে ঘটনাক একাংশ লোকে আন ফালে নিব বিছাৰিছিল যদিও চিচিটিভিৰ ফুটেজে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি হত্যাৰ চেষ্টা চলোৱা হৈছিল৷

জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি দাবী কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰ কাণ্ডৰ পিছত সংঘটিত এই কাণ্ডৰ বিৰুদ্ধে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ পথলৈ ওলাই আহে হাজাৰ হাজাৰ থলুৱা৷ ৰাজ্যৰ বিভিন্ন-দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে ৰাজ্যৰ ইমূৰ-সিমূৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷

ৰাইজে অসমত কাৰো দপদপনি সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে৷ নগাঁও কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অসমীয়াৰ আবেগ, অনুভূতিক ভৰিৰে মোহাৰি সন্দেহজনক লোকে এইবাৰ নগাঁৱৰ জুৰীয়াত ৰাজ পথত জ্বলালে গামোচা৷ এন এছ ইউ আইৰ কেইবাজনো নেতা-কৰ্মীয়ে খোদ কংগ্ৰেছৰ বিধায়কৰ সন্মুখতে অসমীয়াৰ চেনেহৰ গামোচা খন জ্বলাই ঠাট্টা, মস্কৰা কৰে৷

যিখন গামোচা ডিঙিত লৈ অসমীয়াই গৌৰৱ কৰে সেই গামোচা খন জ্বলাই দিয়াত ফেকুৰি উঠিছে অসমীয়াৰ হৃদয়৷ এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা ৰাজ্যবাসীয়ে কবলৈ বাধ্য হৈছে এয়া চিলাপথাৰ কাণ্ডৰ পাৰ্ট-৩ আছিল৷ প্ৰতিদিনে একাংশ সন্দেহজনক লোকে অসমীয়াৰ আবেগক বাৰে বাৰে কুঠাৰঘাট কৰি ৰাজ্য খনৰ একো একোটা অঞ্চলত দপদপনি বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷

ৰাজ্যৰ দল-সংগঠনে এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ জুৰীয়াৰ ঘটনাক লৈ একাংশ লোকে ৰাজনীতি আৰম্ভ কৰি ইয়াৰ সৈতে শাসকীয় দল বিজেপি জড়িত বুলি কব খোজে যদিও NSUIৰ দুটা ফৈদৰ কাজিয়াৰ প্ৰতিফলন স্বৰূপে গামোচা দাহ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এগৰাকী বিধায়কৰ সন্মুখত কেনেকৈ গামোচা জ্বলাবলৈ সাহস পালে সন্দেহজনক লোকে৷ তাক লৈয়ো ৰাজ্যত প্ৰশ্ন উত্থাপন হৈছে৷

দুটা ফৈদৰ কাজিয়াৰ পৰিণতিত একাংশ সন্দেহজনক লোকে জুৰীয়াত গামোচা জ্বলাই ক্ষোভ ব্যক্ত কৰি আমি কংগ্ৰেছ কৰো বুলি চিঞৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। একাংশ লোকে কংগ্ৰেছৰে বিধায়ক নুৰুল হুদাৰ ডিঙিৰ পৰা গামোচা টানি আনি জ্বলাই প্ৰতিবাদ কৰিছিল বুলি কয়। উক্ত সময়ত বিধায়কজনে NSUI কৰ্মীয়ে পৰিৱৰ্তন আনিব বুলি কোৱাৰ কথাও উল্লেখ হৈছে। গামোচা জ্বলাই পৰিৱৰ্তন আনিব বিছাৰিছে নেকি বুলিও একাংশ লোকে কংগ্ৰেছক প্ৰশ্ন কৰে৷

জুৰীয়াৰ বিধায়ক নুৰুল হুদাই সোমবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি এই ঘটনাৰ সৈতে বিজেপি জড়িত থকা বুলি দাবী কৰে৷ জুৰীয়াত কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ সভাত বিধায়কগৰাকীয়ে ভাষণ দি থকা অৱস্থাত কিছু নিলগত এখন তোৰণৰ তলত কেইজনমান যুৱক গোট হৈ নুৰুল হুদা মুৰ্দাবাদ ধ্বনি দি থকা বুলি উল্লেখ কৰে৷ ভাষণৰ মাজতে কংগ্ৰেছৰ কোনো লোকক তালৈ নাজাবলৈ কোৱা বুলি কৈ মোৰ বিৰুদ্ধে কিমাণ শ্ল’গান দিয়ে দিয়ক বুলি কয়৷

তাৰ কিছুসময়ৰ পাছতে তোৰণ খনৰ তলত যুৱক কেইজনে গামোচা জ্বলাই দিয়ে বুলি দাবী কৰে হুদাই৷  বিধায়কগৰাকীয়ে মই অসমীয়া, মই অসমৰ সন্তান বুলি কৈ গামোচা জ্বলোৱা কাৰ্যই অসমীয়াৰ স্বাভিমানত আঘাত হনা বুলি কৈ গামোচা জ্বলোৱা লোকৰ বিৰুদ্ধে এন এছ ইউ আইয়ে গোচৰ তৰা বুলি কয়৷

আনহাতে গামোচা জ্বলোৱা কাৰ্যৰ সৈতে জড়িত ইলিয়াছ ৰহমত উল্লাক ২০১৬ চনত বিধান সভা নিৰ্বাচনৰ পিছত দলবিৰোধী কাৰ্যত জড়িত থকাৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা বুলি কয়৷ ইলিয়াছ ৰহমত উল্লাক দলবিৰোধী কাৰ্যত জড়িত থকাৰ বাবে ২০১৬ চনৰ অক্টোবৰ মাহত বহিষ্কাৰ কৰাৰ পিছত বিজেপি দলত যোগদান কৰা বুলি অভিযোগ উত্থাপন কৰে একাংশ লোকে। বিজেপিৰ সভাস্থলীৰ সন্মুখত বিজেপিৰ তোৰণৰ দাতিত গামোচা দাহ কৰা বুলি অভিযোগ কৰে একাংশ লোকে৷