বঙাইগাঁওঃ বঙাইগাঁও তথা পশ্চিম অসমৰে ভিতৰত নাৰী শিক্ষা সম্প্ৰসাৰণৰ এখন অন্যতম শিক্ষানুষ্ঠান হৈছে বঙাইগাঁও সদৰৰ সোমাজতে অৱস্থিত বীৰঝৰা কন্যা মহাবিদ্যালয়৷ ১৯৯৩ চনত স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী আৰু স্থানীয় ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছিল বীৰঝৰা কন্যা মহাবিদ্যালয়৷ 

এয়াই যেন আছিল এটি সপোনৰ আৰম্ভণি৷ ইয়াৰ পিছত আৰু ঘূৰি চাবলগীয়া হোৱা নাই৷ নাৰী শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবছৰে প্ৰভূত বৰঙণি যোগাই অহা এই মহাবিদ্যালয়খনিয়ে অহা ২০ আগষ্টত গৌৰৱোজ্জ্বল ২৪ বছৰ অতিক্ৰম কৰি ২৫ টা বছৰত ভৰি দিব৷ 

এই উদ্দেশ্য আগত ৰাখিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ বাবেও প্ৰস্তুতি হাতত লৈছে৷ ইয়াৰ বাবে ইতিমধ্যে ফণীভূষণ চৌধুৰীক সভাপতি আৰু মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা নলিনী দাস বৈশ্যক সাধাৰণ সম্পাদিকা হিচাপে লৈ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিও গঠন কৰা হৈছে৷ তেনেদৰে ২০ আগষ্টত ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি উপলক্ষে এদিনীয়া কাৰ্যসূচীও হাতত লৈছে৷ 

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত ২৫খন পতাকা উত্তোলন কৰা হ’ব৷ লগে লগে বাজি উঠিব ২৫ টা শংখ, ২৫ যোৰ ভোৰ-তাল আৰু ২৫ টা বৰ কাঁহেৰে মংগল-বাদ্য ধ্বনি৷ 

৯.৩০ বজাত মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰভাত বৈষ্ণৱে স্মৃতি তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব৷ ১০ বজাত বীৰঝৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মৃগেন দাসে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ ১০.৩০ বজাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে মহাবিদ্যালয়ৰ স্থায়ী তোৰণৰ লাইখুটা স্থাপন কৰিব৷ দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা সভাত মহাবিদ্যালয়খনৰ সৈতে জন্মলগ্নৰ পৰা জড়িত হৈ থকা ব্যক্তি তথা শুভাকাংক্ষীসকলক  সম্বৰ্ধনা জনোৱা হ’ব৷ লগতে অনুষ্ঠিত হ’ব অন্তৰংগ আলাপো৷

বিয়লি ২.৩০ বজাত জনপ্ৰিয় বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰিছে৷ এই অনুষ্ঠানত জনপ্ৰিয় সাহিত্যিক তথা আগশাৰীৰ অসমীয়া মাহেকীয়া আলোচনী “সাতসৰী"ৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য আৰু মিতালী দে’ই গল্প-কথা বিষয়ক বক্তৃতা প্ৰদান কৰিব৷ সন্ধিয়া ৬ বজাত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক তৰুণ চৌধুৰীয়ে বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰিব৷ ইয়াৰ পিচতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ 

মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তীক লৈ ইতিমধ্যে মহাবিদ্যালয়খনত উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে৷ ভালেসংখ্যক প্ৰাক্তন ছাত্ৰীয়েও আহি ভিৰ কৰা পৰিলক্ষিত হৈছে৷ 

আনহাতে অতিথিসকলক থলুৱা লাড়ু-পিঠাৰেও আপ্যায়ন কৰাৰ যো-জা চলিছে৷ প্ৰাক্তন ছাত্ৰীসকলৰে বহুতেই মহাবিদ্যালয়লৈ আহি পিঠা গুড়ি খুন্দা, লাড়ু-পিঠা বনোৱা কামত ব্যস্ত হৈ পৰিছে৷ সকলোৰে ব্যস্ততাৰ মাজতে আনকি বিধায়ক ফণীভূষণ চৌধুৰীকো এটা সময়ত পিঠা গুড়ি খুন্দি থকা দেখা গৈছে৷ ৰূপালী জয়ন্তীৰ কাৰ্যসূচীত সকলোৰে সহায়-সহযোগিতা, উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে৷