
চামগুৰিঃ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পুনৰ সন্মান বুটলিবলৈ সক্ষম হ'ল অসম জীয়ৰী তথা নগাঁও জিলাৰ পুৰণিগুদামৰ পঞ্চী বৰাই। বিগত বৰ্ষৰ দৰে এইবৰ্ষতো অসমৰ ক্ৰীড়া জগতলৈ সন্মান কঢ়িয়াই পঞ্চীয়ে কৰ্ণাটকত অনুষ্ঠিত হোৱা ২০১৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগক্ৰীয়া প্ৰতিযোগিতাত দেশৰহৈ অংশগ্ৰহন কৰি দ্বিতীয় শ্ৰেষ্ঠ তথা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, যোৱা বৰ্ষটো ভিয়েটনামত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমৰ পৰা যোৱা একমাত্ৰ প্ৰতিযোগী হিচাপে পঞ্চী বৰাই দেশক প্ৰতিনিধিত্ব কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। ২০১৭ বৰ্ষৰ এই যোগ প্ৰতিযোগিতাখনত ভাৰত, ইৰান, আফগানিস্তান, ভিয়েটনাম আদি বিশ্বৰ বহু সংখ্যক দেশে ভাগ লৈছিল।
ইয়াৰ উপৰিও দেশীয় ভিত্তিত ৰাজ্যিক পৰ্য্যায়ত কৰ্ণাটকতে অনুষ্ঠিত হোৱা "2nd Federation Yoga Sports Championship 2017"-তো পঞ্চীয়ে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সৰ্বশ্ৰেষ্ঠ তথা এটা সোণৰ পদক অৰ্জন কৰিবলৈয়ো সক্ষম হয়। এই আন্তঃৰাজ্যিক প্ৰতিযোগিতাখনত অসমৰ পৰা যোৱা সৰ্বমুঠ বাৰগৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰি বিভিন্ন পৰ্য্যায়ত বহুকেইটা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।
যোগৰ ক্ষেত্ৰ খনত অসমৰ প্ৰতিযোগীৰ এনে পাৰদৰ্শীতাত মন্ত্ৰমুগ্ধহৈ যোগৰ এই আন্তঃৰাজ্যিক প্ৰতিযোগিতাখন অহা বছৰ অসমত অনুষ্ঠিত কৰিবলৈও থিৰাং কৰিছে উদ্যোক্তা সমিটিয়ে৷ ইফালে, অংকুশিতা বড়োৰ দৰেই পঞ্চী বৰাৰো এই প্ৰতিভাক চৰকাৰে দৃষ্টিগোচৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে অনাগত দিনত আৰু অধিক আগবঢ়ায় নিয়াত সহায় কৰিবৰ বাবে আহ্বান জনাইছে পঞ্চীৰ পৰিয়ালৰ লগতে উৎফুল্লিত সমূহ চামগুৰি আৰু পুৰণিগুদামবাসী ৰাইজে৷