11
Dec
2017

শুক্লাইঃ ভাৰত-ভূটান সীমান্তৰ উঠি অহা প্ৰজন্মক সংগীতৰ শিক্ষা দিয়াৰ উদ্দেশ্যে স্থাপন হ’ল এখন সংগীত বিদ্যালয়৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ শুক্লাইত দেওঁবাৰে স্বৰ্গম সংগীত বিদ্যালয় নামেৰে এখন শুক্লাই নামেৰে প্ৰতিষ্ঠা কৰা হয় সংগীত বিদ্যালয় খন।
সংগীত বিদ্যালয় খনৰ অধ্যক্ষ কেদাৰ ভাণ্ডাৰীয়ে সপ্তাহৰ প্ৰতি দেওবাৰে দুপৰীয়া পাঠ দান কৰা হ’ব বুলি কয়। শিশু সকলে তবলা, গীত আৰু নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব।
শুক্লাই জাতীয় বিদ্যালয়ত প্ৰতিষ্ঠা কৰা সংগীত বিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হৃদয় শৰ্মা, শুক্লাই ভি চি ডি চিৰ অধ্যক্ষ নৰেশ্বৰ পৌৰেল, ডিমাকুছি আঞ্চলিক আগছুৰ সভাপতি-সম্পাদক তথা অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে।